নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে ওদালগুৰিত মহিলা সকলৰ নাম প্ৰসংগ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে ওদালগুৰিত মহিলা সকলৰ নাম প্ৰসংগ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে ওদালগুৰিত মহিলা সকলৰ নাম প্ৰসংগ প্ৰতিবাদ । সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যকৰ্তা, শিক্ষক,ছাত্ৰ সমাজ , মহিলা সমাজৰ সমন্বিতে প্ৰায় ২০০০ লোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে নাম প্ৰসংগ কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

মহিলা প্ৰদৰ্শন কাৰী সকলে ডিঙিত গামোচা লৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নাম প্ৰসংগ কৰে আৰু চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। তদুপৰি বিদ্যালয়ৰ এজন ছাত্ৰ নজৰুল ইছলামে ও নাগৰিকত্ব সংশোধনী আইন ২০১৯ বিৰুদ্ধে স্ব-ৰচিত এক বিৰোধ কবিতা প্ৰদৰ্শন কৰে ।

মহিলা প্ৰতিবাদ কাৰী সকলৰ এগৰাকী প্ৰতিবাদ কাৰী মধুস্মিতা মজুমদাৰে কয় যে, নাগৰিকত্ব সংশোধনী আইন অসমীয়াৰ অস্তিত্বত সংকট আৰু জনসাধৰণৰ মাজত ভাবুকি আনিব পাৰে । যদি এই আইন খন প্ৰণয়ন হয় তেতিয়া হলে আমি নিজৰ মাটিতেই সংখ্যালঘুত পৰিণত হম।

চবনম ৰহমান নামৰ আন এগৰাকী মহিলা প্ৰতিবাদকাৰীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে চৰকাৰে অসমৰ মানুহৰ আত্মাত আঘাত কৰিছে । কেতিয়াও এই আইন খন মানি নলয় বুলি কয় প্ৰতিবাদ কাৰী গৰাকীয়ে।

আন এক প্ৰতিবাদ কাৰী চানিকা ডেকাই কয় যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিৰোধ কেৱল অসমতে সীমিত হৈ থকা নাই । ই সমগ্ৰ দেশজুৰি হৈছে । অসমৰ জনসাধাৰণে আশা কৰিছে যে দেশৰ সৰ্বোচ্চ আদালতে অসমৰ জনসাধাৰণক ন্যায় দিব।

টংলা শাখাৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাঞ্জল ডেকাই কয় যে বিজেপি আৰু সহযোগী দল অসম গন পৰিষদ, বি পি এফক অসমৰ জনসাধাৰণে কেতিয়াও ক্ষমা নকৰে । অসম আৰু অসমীয়াৰ বাবে ক্ষতিকাৰক আইন খনক সমৰ্থন কৰি তেওঁলোকে বিশ্বাসঘাটকতা কৰিছে।

এই আইন খনে সংবিধানৰ মূলনীতিক উলংঘন কৰাৰ লগতে অসম চুক্তিকো উলংঘা কৰিছে বুলি কয় প্ৰাঞ্জল ডেকাই । লগতে তেওঁ কয় যে

এই আইন খন চৰকাৰৰ পৰা মঞ্জৰী লাভ কৰিলেও কেতিয়াও অসমৰ মানুহে মানি নলয় ।

সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্যই কয় যে বিজেপি চৰকাৰ অসমৰ জনসাধাৰণৰ অভিভাৱক নহয় যে তেওঁলোকে অসমৰ বাবে ক্ষতিকাৰক এখন আইন জাপি দিব । অসম চুক্তি ৰূপায়ন হোৱাটো ও বিচাৰে বুলি কয় জয়ন্ত কুমাৰ ভট্টাচাৰ্যই।

ভিডিঅ প্ৰতক্ষ্য কৰক: Women bodies protest against CAA-2019 in Biswanath

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com