Begin typing your search above and press return to search.

কোনো কাৰণতে অবৈধ লোকক ভাৰতত স্থান দিয়া ন’হবঃঅমিত শ্বাহ

কোনো কাৰণতে অবৈধ লোকক ভাৰতত স্থান দিয়া ন’হবঃঅমিত শ্বাহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Sep 2019 4:25 AM GMT

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পিছত প্ৰথমবাৰলৈ গুৱাহাটীত উপস্থিত হ’ল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমৃত শ্বাহ৷ অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বাদ পৰা পৰিছে ১৯ লাখ লোকৰ নাম ৷ দেওবাৰে গৃহ মন্ত্ৰী অমৃত শ্বাহে কয় যে ৰাজ্যত অবৈধ প্ৰবাসীৰ বোজা বহন কৰা ন’হব ৷ অসম প্ৰশাসনিক মহাবিদ্যালয়ত ৬৮ সংখ্যক উত্তৰ পূব পৰিষদৰ সন্মুখত এই দাবী কৰে ।এই সময়ত এই অনুষ্ঠানত উপস্থিত আছিল উত্তৰ পূবৰ ৮ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী ৷

ইফালে এনআৰচিৰ সন্দৰ্ভত অমিত শ্বাহৰ মন্তব্য যে বিভিন্ন লোকে এনআৰচিৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু মই স্পষ্ট কৰি দিব বিছাৰিছো যে কেন্দ্ৰীয় চৰকাৰে এজনো বিদেশী থাকিবলৈ নিদিয়ে ৷এইয়া আমাৰ প্ৰতিশ্ৰুতি ৷ লগতে এনআৰচি সময়মতে প্ৰকাশ হৈছে বুলিও মন্তব্য কৰে ৷

অন্যহাতে প্ৰধান মন্ত্ৰী মোডীৰ সবল নেতৃত্ব আৰু বিজেপিৰ বিভিন্ন আঁচনিৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি উত্তৰ পূবে দেশৰ বিকাশত সহায় কৰিব বুলি কোৱাৰ লগতে ২০২২ চনৰ ভিতৰত উত্তৰ পূবৰ বিকাশৰ কাৰণে এখন ৰেডমেপ তৈয়াৰ কৰিবলৈ কয় ৷উত্তৰ পূবক নতুন বিকাশৰ ইঞ্জিন বুলি মন্তব্য কৰে অমিত শ্বাহে ৷আৰু বিজেপি চৰকাৰে আঁচনি আৰু নীতি তৈয়াৰ কৰাৰ উপৰিও এক শক্তিশালী নেতৃত্বৰে উত্তৰ পূবক পৰিৱৰ্তিত কৰিছে বুলিও মন্তব্য কৰে দেশৰ গৃহমন্ত্ৰী গৰাকীয়ে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কথা উল্লেখ কৰি গৃহমন্ত্ৰী শ্বাহে কয় যে নৰেন্দ্ৰ মোডীৰ আগেয়ে কোনো প্ৰধানমন্ত্ৰী এনইচিৰ বৈঠকলৈ অহা নাছিল। ইফালে এই অনুষ্ঠানত নিজৰ ভাষণ আৰম্ভ কৰাৰ প্ৰাকমুহুৰ্তত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাক স্মৰণ কৰে। লগতে কয় যে দেশ আৰু ৰাজ্যৰ সংস্কৃতিক বিজেপি চৰকাৰে আগুৱাই নিব।

ইফালে এই অনুষ্ঠানত গৃহ মন্ত্ৰী অমিত শ্বাহে সীমা বিবাদ,সন্ত্ৰাসবাদ আদিৰ বিষয়ে মন্তব্য কৰে। আৰু শান্তি পূৰ্ণ পৰিস্থিতিক আদৰি লোৱাৰ কথাও উল্লেখ কৰে। যিকোনো প্ৰকাৰৰ সন্ত্ৰাসবাদত শূণ্য সহনশীল নীতিৰে পদক্ষেপ লোৱা হ’ব। অৱশ্য সম্প্ৰতি উত্তৰপূবত সন্ত্ৰাসবাদী কাৰ্যকলাপ হ্ৰাস পাইছে বুলিও কয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে উত্তৰ পূবৰ বিকাশৰ বাজেটৰ ভিতৰত ৩০ শতাংশ গাওঁ অঞ্চলত ব্যয় কৰা হ’ব বুলি কয় অমিত শ্বাহে। বিমানবন্দৰ সমূহৰ বিকাশ আৰু আধুনিকীকৰণৰ কাৰণে ৩৬০০ কোটি টকা ব্যয় কৰা হৈছে বুলি কয় গৃহমন্ত্ৰী গৰাকীয়ে। শেষত অমিত শ্বাহে উত্তৰ পূবৰ বাঁহ মিশ্যনক সফল কৰিবলৈ কয় উত্তৰ পূবৰ ৰাজ্যসমূহক।

অন্য খবৰৰ বাবে পঢ়ক :গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:BTC sericulture adopted Kumguri and Pundibari village “Cleanness Seri- Eco Model Village”

Next Story
চাকৰি