Begin typing your search above and press return to search.

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেচনলৈ উন্নত কামাখ্যা ৰেল ষ্টেচন

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেচনলৈ উন্নত কামাখ্যা ৰেল ষ্টেচন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Jun 2019 1:46 PM GMT

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেচনলৈ উন্নত কৰা হল গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচন। কামাখ্যা ৰেল ষ্টেচনটো ৰাজ্য খনৰ এটা গুৰুত্বপূৰ্ণ ষ্টেচন। বৰ্তমান কামাখ্যা ৰেল ষ্টেচনটো সুবিধাজনক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সা- সুবিধাৰে উন্নত কৰা হৈছে । অম্বুবাচী মেলাৰ সময়ত বহুতো পৰ্যটক অসমলৈ আহে । সেয়েহে এইবাৰ

অম্বুবাচী মেলাৰ প্ৰাকক্ষণ পৰ্যটক সকলক আকৰ্ষণ কৰিব পৰাকৈ উত্তৰ পূৰ্বাঞ্চল ৰেলৱে বিভাগে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যাত্ৰী সকলে কামাখ্যা ৰেল ষ্টেচনৰলৈ আহি উন্নত ব্যবস্থাৰ বাবে সুবিধা পাব ।

ৰেলৱে কৰ্তৃপক্ষয়ে যাত্ৰী সকলকৰ সুবিধাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছিল । যাতে যাত্ৰী সকলকে অসুবিধাৰ সন্মুখীন নহয় , জিৰনি লব পাৰে , আৰু পুনৰ সুবিধা জনক ভাবে যাত্ৰা কৰিব পাৰে। আন ৰেললৈ ৰৈ থকা সময়ত খিনিত যাতে যাত্ৰীয়ে অসুবিধা নাপাই তাৰ বাবে এই পদক্ষেপ সমূহ গ্ৰহণ কৰিছে ৰেলৱে কৰ্তৃপক্ষয়ে ।

উত্তৰ পূৰ্বাঞ্চল ৰেলৱে আৰু কেন্দ্ৰীয় পৰ্যটন বিভাগৰ উদ্যোগত কামাখ্যা ৰেল ষ্টেচনত ১০ টা জিৰনি কোঠা নিৰ্মাণ কৰাৰ লগতে বিনামূলীয়া ৱাই-ফাই , এয়াৰ কন্ডিচন , আৰু টিভিৰ ব্যবস্থা কৰা হৈছে ।

ৰেলৱে কৰ্তৃপক্ষয়ে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত কয় যে , ১০ টাকৈ পুৰুষ আৰু মহিলাৰ বাবে জিৰনি কোঠা নিৰ্মাণ কৰা হৈছে ।প্ৰত্যেকটো জিৰনি কোঠাতে টিভি , ফ্ৰি ৱাই-ফাই আৰু এ চিৰ ব্যবস্থা কৰা হৈছে ।

লগতে ৱেইটিং হলটো উন্নত সুবিধা কৰাৰ লগতে ১২০ যাত্ৰী বহিবলৈ সুবিধা আছে। এই ৱেবটিং হ'লত বিভিন্ন সুবিধা মোবাইল, এচি , ফ্ৰি ৱাই-ফাই , পুৰুষ আৰু মহিলাৰ পৃথক শৌচাগাৰ, খোৱা পানীৰ ব্যৱস্থা , টি ভি আদি ব্যবস্থা আছে। আনহাতে যাত্ৰী সকলকে তেওলোকৰ মতামত ব্যক্ত কৰিব পাৰে ।

কামাখ্যা ৰেল ষ্টেচনৰ গুৰুত্বপূৰ্ণ ৰেল সমূহৰ হৈছে নৰ্থ ইষ্ট এক্সপ্ৰেছ, কামাখ্যা-আনন্দ বিহাৰ এক্সপ্ৰেছ, কামাখ্যা য়েচপুৰভান্ত এক্সপ্ৰেছ, কামাখ্যা- এল টি টি এক্সপ্ৰেছ আৰু আন আন বহুতো ৰেলৰ যোগেদি যাত্ৰী সকলক অহা যোৱা কৰে।

কামাখ্যা ৰেল ষ্টেচনটো ৰাজ্য খনৰ এটা গুৰুত্বপূৰ্ণ ষ্টেচন। বৰ্তমান কামাখ্যা ৰেল ষ্টেচনটো সুবিধাজনক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সা- সুবিধাৰে উন্নত কৰা হৈছে । অম্বুবাচী মেলাৰ সময়ত বহুতো পৰ্যটক অসমলৈ আহে ।

অধিক খবৰৰ বাবে পঢ়ক :দেশৰ অন্যতম পৰ্যতন স্থলী কামাখ্যা মন্দিৰক স্বচ্ছ ৰখাৰ পদক্ষেপ

Next Story
চাকৰি