বিশ্বকাপৰ ছেমি ফাইনেল: ভাৰতক জয়ৰ বাবে প্ৰয়োজন ২৪০ ৰান

বিশ্বকাপৰ ছেমি ফাইনেল: ভাৰতক জয়ৰ বাবে প্ৰয়োজন ২৪০ ৰান

আজি পুনৰ আৰম্ভ হৈছে বিশ্বকাপৰ ছেমি ফাইনেল । ছেমি ফাইনেলৰ আৰম্ভণিতে ভাৰতে ৩ টা উইকেট হেৰুৱাই ১০ ৰান কৰিবলৈ সক্ষম হৈছে| মংগলবাৰে বৰষুণ হোৱাৰ বাবে স্থগিত ৰাখিব লগা হয় বিশ্বকাপৰ ছেমি ফাইনেল খেলখন । ছেমিফাইনেল মেচখনত ভাৰতৰ জয়ৰ বাবে প্ৰয়োজন হ’ব ২৪০ ৰান। তাৰ প্ৰত্যুত্তৰত ইনিংছ আৰম্ভ কৰিয়ে ভাৰতে ৩ টা উইকেট হেৰুৱাই । দুৰ্দান্ত ফৰ্মত থকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলী আৰু কে এল ৰাহুলৰ উইকেট হেৰুৱালে ভাৰত।

ছেমি ফাইনেলৰ আৰম্ভণিতে ভাৰতৰ অনুৰাগী সকলক নিৰাশ কৰিছে ইণ্ডিয়া টিমে । বৰ্তমান মানচেষ্টাৰত বতৰ কিছু ভাল হৈছে। ভাৰতে ৫.৫ অভাৰত ৩ টা উইকেট হেৰুৱাই ১০ ৰান কৰিবলৈ সক্ষম হৈছে ।

আজিৰ খেল খনক লৈ ক্ৰিকেট অনুৰাগী সকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে । আজি ভাৰতীয় দলৰ প্লেয়িং ইলেভেনত আছে অধিনায়ক বিৰাট কোহলী , জছপ্ৰীত বুমৰাহ, য়ুজৱেন্দ্ৰ চহল, এম এছ ধোনী, ৰবীন্দ্ৰ জাদেজা, কেদাৰ যাদৱ, দীনেশ কাৰ্তিক, ভুবনেশ্বৰ কুমাৰ, হাৰ্দিক পাণ্ডিয়া, ঋষভ পন্ত, কে এল ৰাহুল, মহম্মদ ছামী, মায়াংক আগৰৱাল, ৰোহিত শৰ্মা আৰু কুলদীপ যাদৱ।

ইফালে, নিউজীলেণ্ড দলটোত আছে অধিনায়ক কেন উইলিয়ামছন , টম ব্লণ্ডেল, ট্ৰেণ্ট ব’ল্ট, কলিন ডি গ্ৰেণ্ডহোম, লোকি ফৰ্গুছন, মাৰ্টিন গপতিল, মেট হেনৰী, টম লেথম, কলিন মনৰো, জিমি নীশম, হেনৰী নিকোলছ, মিছেল ছেণ্টনৰ, ঈশ ছোৰী, টিম ছউদী আৰু ৰছ টেলাৰ।বৰ্তমান বৰষুণৰ বাবে খেল খন স্থগিত ৰখা হৈছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com