কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গড়ঁ দিৱস পালন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গড়ঁ দিৱস পালন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গড়ঁ দিৱস পালন। বিশ্ব গড়ঁ দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে আৰানায়ক , ভূমি , দ্যা ক্ৰবিট ফাউণ্ডেশ্যন ( the corbeet foundation ) ,‌ডব্লিউ ডব্লিউ এফ ( wwf ) , ওৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া , বোকাখাট প্ৰেছ ক্লাব আৰু আন কিছুমান সংস্হাৰ সহযোগত ৰবিবাৰে বোকাখাট নাট্য মন্দিৰত বিশ্ব গড়ঁ দিৱস পালন কৰা হয় ।

এই দিৱসৰ লগত সংগতি ৰাখিয়ে ৰবিবাৰে ৰাতিপুৱা দুটা প্ৰতীকি গড়ঁ লৈ উলিওৱা শোভাযাত্ৰা সেউজীয়া পতাকা লৈ শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত তথা মহকুমা ধিপতি বিতোপন নেওগ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি . শিৱকুমাৰে । প্ৰথমটো প্ৰতীক গড়ঁ , তেজপুৰ হৈ বিশ্বনাথ ঘাটলৈ আৰু আনটো বোকাখাটৰ সংমণ্ডল কাৰ্যালয় লৈ ৰাওনা হয় ।

বুঢ়াপাহাৰ হৈ বোকাখাট লৈ অহা এই শোভাযাত্ৰাত কমেও ৫০০ লোকে যোগদান কৰে । বুঢ়াপাহাৰ অঞ্চলৰ স্হানীয় জনসাধাৰণ , ইকো ডেভেলপমেন্ট কমিটী‌ ( eco development committee) , আৰু বহুত এই শোভাযাত্ৰাক স্বাগতম জনোৱাৰ লগতে গামোচাৰে আদৰনি জনায়। যেতিয়া এই শোভাযাত্ৰা অনুষ্ঠানটো কুঠৰিত উপস্হিত হৈছিল তেতিয়া সেই অঞ্চলৰ মহিলা গোটে অসমীয়া পৰম্পৰাগত নাম কীৰ্তন ৰ জৰিয়তে আদৰনি জনায় ।

১২ বজাত এই শোভাযাত্ৰা অনুষ্ঠানটো কহৰাত উপস্থিত হৈছিল ।কহৰাত ৰাইজিং চান ইংলিছ স্কুল ( rising sun English school ) ৰ ছাত্ৰ ছাত্ৰী সকল উপস্থিত আছিল । লগতে এই শোভাযাত্ৰা অনুষ্ঠানটো গামোচাৰ দ্বাৰা আদৰনি জনোৱা হৈছিল । ৰাইজিং চান ইংলিছ স্কুল ( rising sun English school ) ৰ ছাত্ৰ ছাত্ৰী সকলে কবিতা আবৃত্তি কৰে । লগতে তাত উপস্থিত থকা সলিম আহমেদে নামৰ কহৰাৰ ফৰেষ্ট ৰেঞ্জ অফিচাৰ ( forest range officer ) জনে নিজ হাতে গড়ঁ যুক্ত ছবি পেঞ্চিলেৰে অংকন কৰে । কহৰাৰ স্হানীয় লোক সকলে বিভিন্ন ধৰণৰ অনুষ্ঠান যেনে বাটৰ নাট , গায়ন বায়ন আদিত অংশগ্ৰহণ কৰে ।

তাৰ পিছতেই এই প্ৰতীকি গড়ঁ শোভাযাত্ৰা কাৰ্যসূচী বোকাখাট ত উপস্হিত হয় । বোকাখাট ত আন এক অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানটো মুকলি কৰে ৰাজ্যিক কৃষি মন্ত্ৰী ( state agriculture Minister) অতুল বৰাই । তেওঁ কয় যে , কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰ পাজৰৰ মানুহ খিনিয়ে প্ৰায় সহায় কৰে গড়ঁ সম্পৰ্কীয় আলোচনাত । কিয়নো এই বছৰত গড়ঁ ৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Zubeen Garg appeals crowd in Jorhat to watch 'Ratnakar'

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com