Begin typing your search above and press return to search.

এখন অৰণ্য , য'ত যোৱাৰ পিছত উভতি নাহে কোনো লোক , ক'ত আছে অৰণ্য খন

এখন অৰণ্য , যত যোৱাৰ পিছত উভতি নাহে কোনো লোক , কত আছে অৰণ্য খন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Nov 2019 12:23 PM GMT

এখন অৰণ্য , য'ত যোৱাৰ পিছত উভতি নাহে কোনো লোক ,ক'ত আছে অৰণ্য খন ।‌ পৃথিৱীত এনেকুৱা বহু ঠাই আছে যি বিলাক ঠাইৰ বিষয়ে আমি জ্ঞাত নহয় । পৃথিৱীত কিছুমান আজৱ ঠাইৰ কথাও বহু সময়ত শুনিবলৈ পোৱা যায় । ক'ব গ'লে পৃথিৱী খন বিভিন্ন আচৰিত বস্তুৰে আৱৰা । কিছুমান ঠাই এনেকুৱা আছে য'ত গ'লে আমি শান্তি লাভ কৰোঁ । আনহাতে আন কিছুমান ঠাই আছে যি বোৰ অতি ভয়ংকৰ । য'ত যাবৰ বাবে সাধৰণ মানুহে ভয় কৰে । এনেকুৱা এখন ভয়ানক ঠাই আছে ৰোমানিয়াৰ ট্ৰান্সল্ভেনীয় । এই ঠাই খনত এনেকুৱা কিছুমান ঘটনা সংঘটিত হয় যাৰ ফলত ঠাই খনত যাবলৈ মানুহে ভয় কৰে ।

জানিব পৰা মতে পৃথিৱীৰ সবাতোকৈ ভয়ানক অৰন্য খন হল ৰোমানিয়াত অৱস্থিত " হোয়া বস্যু" ।অৰন্য খনত সংঘটিত হোৱা বিভিন্ন ৰহস্যময়ী ঘটনাৰ বাবে এই অৰণ্য খনক ৰোমানিয়াৰ বৰমুদা ট্ৰায়েংগল বুলি কয়। জানিব পৰা মতে এই অৰণ্য খনে ৭০০ একৰ ভূমি আৱৰি আছে। এই অৰণ্যত ইতিমধ্যে বহু লোক সন্ধানহীন হৈছে ।

কথিত অনুসৰি এই অৰন্য খনৰ গছ বিলাক বিভিন্ন প্ৰকৃতিৰ । এই গছবোৰৰ বিভিন্ন ধৰণৰ ভাজ থকা দেখা যায়। যিবোৰ দিনৰ ভাগতো ভয়ানক দেখি । লগতে কয় যে এই অঞ্চলত মানুহ গ'লে ৰহস্যময়ী ভাৱে নোহোৱা হয়। স্থানীয় লোকে জনোৱা অনুসৰি অৰণ্য খনৰ ৰহস্যৰ কথা এতিয়াও কোনেও গম পোৱা নাই । স্থানীয় লোকে জনোৱা অনুসৰি কিছুমান মানুহ অৰণ্য খনলৈ ফুৰিব গৈছিল আৰু কিছু সময় নোহোৱা হৈ পিছত উভতিও আহিছিল ।‌

কথিত অনুসৰি বহু বছৰ এজন মানুহে ২০০ টা ভেড়া ছাগলীৰ লগত অৰণ্য‌ খনলৈ গৈছিল । কিন্তু তাৰ পিছত কেতিয়াও সেই মানুহ‌ জন উভতি নাহিল।

অন্য খবৰৰ বাবে পঢ়ক: তিনিটা বয়ল কণীৰ দাম দেখি চকু কপালত উঠিল শেখৰৰ, আপুনিও হ’ব আচৰিত

ভিডিঅ প্ৰতক্ষ্য কৰক: Contractual Labour Union-IOCL staged protest

Next Story
চাকৰি