Begin typing your search above and press return to search.

নতুন প্ৰজন্মই মহান লোকক আদৰ্শ হিছাপে ল’ব লাগেঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

নতুন প্ৰজন্মই মহান লোকক আদৰ্শ হিছাপে ল’ব লাগেঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Sep 2019 7:31 AM GMT

নতুন প্ৰজন্মই মহান লোকক আদৰ্শ হিছাপে ল’ব লাগে ৷এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৷ চাহৰ ক্ষেত্ৰখনত অসমৰ চাহে এক বিশেষ ধৰণে আধিপত্য বিস্তাৰ কৰিছে ৷ অসমৰ চাহৰ বিকাশ আৰু বৃদ্ধি কৰি আগবাঢ়ি যাবৰ কাৰণে নতুন নতুন বিজ্ঞান আৰু প্ৰযুক্তিৰ আৰম্ভ কৰিব লাগিব ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰ দেৱ কলাক্ষেত্ৰত আয়োজিত আন্তজাৰ্তিক প্ৰেক্ষাগৃহত অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ সদস্য হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক লোকনায়ক অমিয় কুমাৰ দাস সোঁৱৰণে বটাঁ প্ৰদান উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিতি হিছাপে ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই মন্তব্য কৰে ৷

মুখ্যমন্ত্ৰী সোনোৱালে কয় যে লোকনায়ক অমিয় কুমাৰ দাসৰ আপ্ৰাণ প্ৰচেষ্টাৰ বাবে এখন যুগান্ত কাৰী আইন প্ৰৱৰ্তন কৰা হৈছিল। এই গৰাকী মহান লোকৰ কাৰণে সম্প্ৰতি সকলো লোক আগুৱাই গৈছে । কৃতি ছাত্ৰ ছাত্ৰীসকল আমাৰ দেশৰ ভৱিষ্যত । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কঠোৰ শ্ৰম আৰু সাধনাৰে এখন শক্তিশালী ভাৰতবৰ্ষ নিৰ্মাণত ব্ৰতী হৈ আছে।

লগতে চাহ জনজাতিৰ লোকসকলৰ ছাত্ৰ ছাত্ৰীৰ কাৰনে বহু আঁছনি তৈয়াৰ কৰিছে ৷ইফালে স্বচ্চ ভাৰত অভিযান,ফিট ইণ্ডিয়া মুভমেন্ট, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আদি প্ৰধানমন্ত্ৰী মোডীৰ সকলোতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ লগতে প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ পৰা অন্ধবিশ্বাস আঁতৰ কৰিবৰ কাৰণে বিশেষভাৱে গুৰুত্ব দিছে ৷উল্লেখ্য যে এই অনুষ্ঠানত উদ্যোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী,সাংসদ পল্লৱ লোচন দাস আদি উপস্থিত আছিল ৷

অন্য খবৰৰ বাবে পঢ়ক: ধুবুৰীত পেট্ৰ’ল পাম্প স্থাপনক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ স্মাৰক পত্ৰ প্ৰদান

ভিডিঅ প্ৰতক্ষ্য কৰক:Nagaon Woman Traffic Constable Ranjula Devi receives accolade from SP

Next Story
চাকৰি