ইউনিচেফৰ সমৰ্থনত ডিব্ৰুগড় যুৱ সাংবাদিকৰ উদ্যোগত "চামাৰ কেম্প" ৰ আয়োজন

ইউনিচেফৰ সমৰ্থনত ডিব্ৰুগড় যুৱ সাংবাদিকৰ উদ্যোগত "চামাৰ কেম্প" ৰ আয়োজন

ইউনিচেফৰ উদ্যোগত ডিব্ৰুগড় জিলা প্ৰশাসনে ২০১৭ চনতে যুৱ সাংবাদিকৰ এক অনুষ্ঠানৰ আয়োজন কৰিছিল। এই অনুষ্ঠানটোৱে শিশু অধিকাৰৰ হৈ কাম কৰি আহিছে । তেওঁলোকে স্থানীয় অঞ্চলত জনসাধাৰণৰ মাজত সুষম আহাৰ, সু-খাদ্য আৰু স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় খাদ্যৰ আদি আশা আৰু অংগনবাদী কৰ্মী সকলৰ সহায়ত সজাগতা সৃষ্টি কৰে ।

গৰমৰ বন্ধৰ বাবে বৰ্তমান বিদ্যালয় সমূহ বন্ধ হৈ আছে। ডিব্ৰুগড়ৰ পশ্চিম গাভৰু পথাৰ বিদ্যালয়ত চামাৰ কেম্প ৰ আয়োজন কৰে। সুষম আহাৰ, স্বচ্ছতা আৰু সুখাদ্যৰ ওপৰত ১০ দিনীয়া চামাৰ কেম্পৰ আয়োজন কৰে ।

এগৰাকী যুৱ সাংবাদিক, ভাৰতী কলিতায়ে প্ৰকাশ কৰে যে, শিশু বৌদ্ধিক বিকাশৰ বাবে এনে ধৰণৰ চামাৰ কেম্প সমূহ প্ৰয়োজনীয় । বিভিন্ন সৃষ্টিশীল কাৰ্যাকলাপৰ শিক্ষা লাভ কৰে।

ইউনিচেফৰ সমৰ্থন ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই ১০ দিনীয়া চামাৰ কেম্পক স্থানীয় লোকেও যথেষ্ট সহাৰি জনাইছে । এই কেম্পত বহুতো শিশুৱে অংশগ্ৰহন কৰা পৰিলক্ষিত হৈছে । এনে কেম্পৰ যোগেদি শিশুৰ বৌদ্ধিক বিকাশৰ লগতে সামাজিক হবলৈ শিকাই ।

ইউনিচেফৰ এক ৰিপোৰ্টত প্ৰকাশ পাইছিল যে স্বচ্ছ ভাৰত মিছনৰ দ্বাৰা ভাৰতৰ বাবে ইতিবাচক প্ৰভাৱ পেলাইছে । ইয়াৰ দ্বাৰা ভূ-গৰ্ভস্থ পানীৰ প্ৰদূষণ মাত্ৰা যথেষ্ট হ্ৰাস হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত মিছনৰ আৰম্ভ কৰিছিল ।

ইউনিচেফৰ সমীক্ষাৰ মতে, সুপৰিকল্পিত শৌচাগাৰ ব্যবস্থা থকাৰ তুলনাত মুক্ত মলত্যাগ কৰা গাঁওত প্ৰদূষণ ১.১৩ গুনে বেছি । প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে সমগ্ৰ দেশতে শৌচাগাৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে যদিও বৰ্তমানেও বহু গাঁও অঞ্চলত শৌচাগাৰৰ ব্যবস্থা নাই । তাৰ ফলত ভুমি প্ৰদূষণ হৈছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com