Begin typing your search above and press return to search.

জুবিন গাৰ্গৰ সাম্প্ৰদায়িক বিতৰ্ক: লিখিত ভাবে ক্ষমা খুজিবলৈ দাবী ব্ৰাহ্মণ সমাজৰ

জুবিন গাৰ্গৰ সাম্প্ৰদায়িক বিতৰ্ক: লিখিত ভাবে ক্ষমা খুজিবলৈ দাবী ব্ৰাহ্মণ সমাজৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 July 2019 1:47 PM GMT

জুবিন গাৰ্গৰ সাম্প্ৰদায়িক বিতৰ্ক বৰ্তমানেও অন্ত পৰা নাই। সংবাদ মাধ্যমৰ আগত ক্ষমা খুজিলে নহব । লিখিত ভাবে ক্ষমা বিচাৰিবলৈ দাবী ব্ৰাহ্মণ সমাজৰ । সংবাদমেল পাতি ব্ৰাহ্মণ সমাজে এই দাবী জনাই । সংবাদ মাধ্যমৰ জৰিয়তে জুবিন গাৰ্গে ক্ষমা খোজা বিষয়টো মানি লোৱা নাই ব্ৰাহ্মণ সমাজে। জুবিন গাৰ্গে কৰা সাম্প্ৰদায়িক মন্তব্যৰ পিছত জুবিনৰ বিৰুদ্ধে বিভিন্ন থানাত গোচৰ ৰুজু কৰিছিল বিভিন্ন জনে ।

দেওবাৰে ইন্দ্ৰজিৎ শৰ্মা নামৰ এজনে তৰা গোচৰৰ ভিত্তিত গুৱাহাটীৰ ভঙাগড় থানাত হাজিৰ হৈছিল জুবিন। তাৰ পিছতে সংবাদ মাধ্যমৰ আগত ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰে জুবিন গাৰ্গে । যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিনে প্ৰকাশ কৰিছিল যে" ভূলবশত মই ব্ৰাহ্মণৰ বিৰুদ্ধে মন্তব্য কৰিছিলোঁ, ধেমালি কৰোতে মুখৰ পৰা বামুণ শব্দটো ওলাই গ’ল, ব্ৰাহ্মণ শব্দটো মই ক’ব নালাগিছিল, পৰৱৰ্তী সময়ত পুনৰ এনে ভুল নকৰোঁ। "

গুৱাহাটী প্ৰেছ ক্লাবত ব্ৰাহ্মণ সমাজে এক সংবাদমেল সম্বোধন কৰি কৈছিল যে জুবিনে ব্ৰাহ্মণক মাৰিবলৈ ধেমালিতে কোৱা নাছিল। সংবাদমেলত ব্ৰাহ্মণ সমাজে কয় এনেদৰে ক্ষমা খুজিলে কোনো কাৰণতে মানি লোৱা নহ’ব। লিখিতভাৱে দিলেহে বিচাৰ কৰা হ’ব বিষয়টো। প্ৰমাণসহ ক্ষমা বিচাৰিলেহে বিষয়টো কৰা হ’ব বিবেচনা।যোৱা শুকুৰবাৰে জি এম চি এইচ প্ৰেক্ষাগৃহত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত ব্ৰাহ্মণ সমাজক লৈ বিতৰ্কিত মন্তব্য কৰিছিল জুবিন গাৰ্গে ।যিহেতু ভঙাগড় থানাৰ অন্তৰ্গত জি এম চি এইছ প্ৰেক্ষাগৃহ ,গতিকে আৰক্ষীয়ে জুবিনক ভঙাগড় থানাত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে। গোচৰৰ ভিত্তিত ভঙাগড় থানাত হাজিৰ হয় শিল্পীগৰাকী।

শীঘ্ৰে মুক্তি পাব লগীয়া জুবিন গাৰ্গৰ ‘কাঞ্চনজংঘা’ নামৰ ছবিখনত বিতৰ্কিত দৃশ্য কিম্বা ব্ৰাহ্মণক অপমানিত কৰা দৃশ্য থাকিলে ক্ষমা কৰা নহ’ব বুলিও কয় ব্ৰাহ্মণ সমাজে। ইতিমধ্যে জিলাই জিলাই ব্ৰাহ্মণ সমাজে চেঞ্চৰ ব’ৰ্ডলৈ প্ৰেৰণ কৰিছে আৱেদন।

গুৱাহাটীৰ এটা সংস্কৃতিক কাৰ্য্যসূচীত ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিৰুদ্ধে আপত্তি জনক মন্তব্য কৰাৰ কাৰনে শিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে বাইহাটা চাৰি আলি আৰক্ষী থানাত ব্ৰাহ্মণ সম্প্ৰদায়ৰ কেইজনমান লোকে এজাহাৰ দাখিল কৰিছে। লগতে বিভিন্ন প্ৰান্তত গোচৰ ৰুজু কৰিছিল জুবিন গাৰ্গৰ বিৰুদ্ধে| তাৰ পিছত আজি ব্ৰাহ্মণ সমাজে প্ৰকাশ কৰে সংবাদ মাধ্যমৰ আগত ক্ষমা খুজিলে নহব । লিখিত ভাবে ক্ষমা বিচাৰিবলৈ দাবী ব্ৰাহ্মণ সমাজৰ । সংবাদ মাধ্যমৰ জৰিয়তে জুবিন গাৰ্গে ক্ষমা খোজা বিষয়টো মানি লোৱা নাই ব্ৰাহ্মণ সমাজে।

অধিক খবৰৰ বাবে পঢ়ক: অসমৰ বানাক্ৰান্তক সহায় কৰিবলৈ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আহ্বান

Next Story
চাকৰি