অসমৰ বানাক্ৰান্তক সহায় কৰিবলৈ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আহ্বান

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে সকলোকে অসমৰ বানাক্ৰান্তক সহায় কৰিবলৈ আহ্বান জনাইছে । লগতে শুকুৰবাৰে জনপ্ৰিয় কন্ঠশিল্পী গৰাকীয়ে বলীউড তাৰকা অক্ষয় কুমাৰক ধন্যবাদ জ্ঞাপন কৰে। বলীউডৰ তাৰকা অক্ষয় কুমাৰে অসমৰ বানাক্ৰান্ত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বন্যপ্ৰানী উদ্ধাৰৰ বাবে ২ কোটি প্ৰদান কৰিছে ।
জুবিন গাৰ্গ আৰু ফেন ক্লাবে বানাক্ৰান্ত সকলক খাদ্য আৰু প্ৰয়োজনীয় বস্তু যোগান ধৰিব বুলিও প্ৰকাশ কৰে জুবিন গাৰ্গে । জুবিন গাৰ্গৰ ফেন ক্লাব আৰু কলাগুৰু ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰদান কৰা হব ।
জুবিন গাৰ্গে লগতে সকলোকে বানাক্ৰান্ত সকলক সহায় কৰিবলৈ আহ্বান জনাই । লগতে কেন্দ্ৰীয় চৰকাৰক সাহাৰ্য্য পুঁজি মুকলি কৰি দিবলৈ আহ্বান জনাই।অসমত প্ৰলয়ংকাৰী বানে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে । ৰাজ্যৰ ৩৩ লাখৰো অধিক লোক ক্ষতিগ্ৰস্থ হৈছে বানপানীৰ ফলত । ৰাজ্যৰ চৌদিশে কেৱল বানৰ তাণ্ডব ।
উল্লেখযোগ্য যে, বলীউডৰ অভিনেতা অক্ষয় কুমাৰে অসমৰ বানাক্ৰান্তলৈ মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ ১ কোটি টকা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু উদ্ধাৰৰ বাবে ১ কোটি টকা প্ৰদান কৰে । লগতে অক্ষয় কুমাৰে সকলোকে So Sad লিখাৰ পৰিবৰ্তে যিমান পাৰে সাহাৰ্য্য আগবঢ়াবলৈ আহ্বান জনাই ।টুইটাৰযোগে অক্ষয় কুমাৰে প্ৰকাশ কৰে যে, “বৰ্তমান অসমৰ পৰিস্থিতিৰ অতি দুখ লগা । এনে সংকটৰ সময়ত ক্ষতিগ্ৰস্থ সকলো জনসাধাৰণ, বন্যপ্ৰানীক সহায়ৰ প্ৰয়োজন । মই মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানীৰ উদ্ধাৰৰ বাবে ১ কোটি প্ৰদান কৰিছো । লগতে সকলোকে সাহাৰ্য্য আগবঢ়াবলৈ সকলোকে আহ্বান জনাইছো ।”
অসমৰ জনপ্ৰিয় অভিনেতা যতিন বৰায়ে বানাক্ৰান্তৰ সাহাৰ্য্যৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ১ লাখ টকা অনুদান আগবঢ়াইছে । আনহাতে ক্ৰিকেটাৰ ৰিয়ান পৰাগে সকলোকে সহায় কৰিবলৈ আহ্বান জনাইছে । ৰিয়ান পৰাগে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ লাখ টকা সাহাৰ্য্য আগবঢ়াইছে । আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰা অসম কন্যা , ছবি নিৰ্মাতা ৰিমা দাসে অসমৰ বানাক্ৰান্তক সাহাৰ্য্যৰ বাবে ১ লাখ টকা সাহাৰ্য্য প্ৰদান কৰিছে ।প্ৰসিদ্ধ লেখক য়েছে দৰজে থংছিয়ে বঁটাত লাভ কৰা ধন বানাক্ৰান্তক সহায়ৰ বাবে আগবঢ়াইছে।
আনহাতে ধিং এক্সপ্ৰেছ হিমা দাসেও ৰাজ্যৰ বানপৰিস্থিতিৰ কাৰণে প্ৰতিক্ৰিয়া কৰিছে ৷ লগতে জনসাধাৰণৰ সহযোগিতা বিছাৰিছে ৷ লগতে টুইটাৰ যোগে লিখে যে সম্প্ৰতি অসমৰ অৱস্থা সম্প্ৰতি অত্যন্ত শোচনীয় ৷৩০ ৰ পৰা ৩৩ খন জিলা বানে সম্প্ৰতি প্ৰভাৱিত কৰিছে। গতিকে অসমৰ এই অভাৱনীয় পৰিস্থিতিৰ সময়ত অসম কন্যা হিমা দাসে সকলোৰে সহযোগিতা বিছাৰিচে ।
অন্য খবৰৰ বাবে পঢ়ক: যতিন বৰা, ৰিয়ান পৰাগ, ৰিমা দাস আৰু বহুজনৰ বানাক্ৰান্তলৈ সাহাৰ্য্য