Begin typing your search above and press return to search.

বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱত অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গ

বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱত অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Aug 2019 10:23 AM GMT

সম্প্ৰতি বিশ্বনাথ চাৰিআলিৰ আকাশে বতাহে চলচ্চিত্ৰ মহোৎসৱৰ কাৰণে উদুলি মুদুলি পৰিবেশ ৷ কিয়নো জিলাখনৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে আয়োজিত হৈছে এক বৃহৎ চলচ্চিত্ৰ মহোৎসৱ। বৃহস্পতি বাৰৰ পৰা আয়োজিত এই সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি।

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা ডাঃ সান্ত্বনা বৰদলৈয়ে উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি বিশ্বনাথ চলচিত্ৰ মহোৎসৱ উদ্বোধন কৰে। অনুষ্ঠান উদ্বোধন কৰি সান্ত্বনা বৰদলৈয়ে ভাষণ প্ৰসংগত কয় এখন দেশত তথা ৰাজ্যত চলচ্চিত্ৰৰ প্ৰতি নৱপ্ৰজন্মক উৎসাহিত কৰিবৰ বাবে চলচ্চিত্ৰ মহোৎসৱ প্ৰতিখন জিলাত অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিব লাগে । লগতে বিশ্বনাথত চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰাৰ বাবে শলাগ লয় বৰদলৈয়ে ৷

চলচ্চিত্ৰ মহোৎসৱে অসমীয়া ছবিৰ লগতে অন্য ভাষাৰ ছবিসমূহকো লাভৱান কৰিব। উদ্বোধনী অনুষ্ঠানৰ পাছতেই মহোৎসৱৰ উন্মোচনী ছবি হিচাপে প্ৰদৰ্শন কৰা হয় ডাঃ বৰদলৈৰ বহুচৰ্চিত ছবি “মাজ ৰাতি কেতেকী”। আনহাতে বৃহস্পতি বাৰে সন্ধ্যা সাত বজাত প্ৰদৰ্শন কৰা অনুপম কৌশিক বৰাৰ জনপ্ৰিয় ছবি বৰনদী ভটিয়াইৰ প্ৰদৰ্শনীত উপস্থিত থাকে অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী জুবিন গাৰ্গ । চলচিত্ৰ খন আৰম্ভ হোৱাৰ প্ৰাকক্ষণত জুবিন গাৰ্গক আয়োজকৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷

লগতে কাঞ্চনজংঘাৰ প্ৰচাৰ চলোৱা জুবিন গাৰ্গে অসমত চিনেমা হলৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ লগতে সকলোকে আহ্বান জনাই ৷ এই অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ জিলাৰ উপায়ুক্ত পবিত্ৰ ৰাম খাউণ্ড, জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোচন, ৰাজ্যৰ সাংস্কৃতিক সঞ্চালক বিষ্ণুপ্ৰসাদ বৰা, চিত্ৰশিল্পী নলিনী বৰুৱা, ৰাজহ চক্র বিষয়া বিশ্বজিৎ শইকীয়াকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি।

আনহাতে সমাৰোহত জয়চেং জয় দহোটীয়াৰ হান্দুক, ৰীমা বৰাৰ বকুল আৰু ভাস্কৰ হাজৰিকাৰ কথানদী প্ৰদৰ্শন কৰা হ’ব। মহোৎসৱৰ লগত সংগতি ৰাখি চিনেমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰতিদিনেই একোটাকৈ মাষ্টাৰ ক্লাছৰো আয়োজন কৰা হৈছে। ছৱি নিৰ্দেশনা, অভিনয়, চিত্ৰ-নাট্য ৰচনা আৰু চিত্ৰগ্ৰহণ এই চাৰিটা বিষয়ত ৰাজ্য আৰু ৰাজ্যৰ বাহিৰৰ বিশেষজ্ঞ ব্যক্তিয়ে প্ৰশিক্ষণ আগবঢ়াবলগীয়া এই শ্ৰেণীসমূহ হব সম্পূৰ্ণ বিনামূলীয়া।

উল্লেখযোগ্য যে প্ৰথম বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱৰ অংশ হবলগীয়া এই প্ৰায়কেইখন ছবিয়েই দেশ-বিদেশৰ বিভিন্ন চলচ্চিত্ৰ সমাৰোহতপ্ৰদৰ্শিত হৈ দৰ্শক-সমালোচকৰ দ্বাৰা বিপুলভাৱে সমাদৃত হৈছে। মহোৎসৱৰ ছবিসমূহ উপভোগ কৰিবৰ বাবে আগ্ৰহী দৰ্শকক এক বিশেষ ফটো পৰিচয় পত্ৰ প্ৰদান কৰা হব। ইয়াৰ বাবে তেওঁলোকে এক নিৰ্দিষ্ট পঞ্জীয়ন মাছুল জমা দি নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়নৰ প্ৰ-পত্ৰসমূহ জিলাখনৰ বিভিন্ন স্থানত উপলব্ধ কৰা হৈছে।

অন্য খবৰৰ বাবে পঢ়ক:বিশ্বনাথত প্ৰথমবাৰৰ বাবে ৮ ৰ পৰা ১২ আগষ্ট’লৈকে বিশ্বনাথ ছবি মহোৎসৱৰ আয়োজন

ভিডিঅ প্ৰতক্ষ্য কৰক: Zubeen Garg and other noted celebs grace Biswanath Film Festival

Next Story
চাকৰি