অসম লোকসেৱা আয়োগ কেলেংকাৰী: দোষত অভিযুক্তক সহায় কৰিবলৈ নিষেধাজ্ঞা জাৰি

অসম লোকসেৱা আয়োগ কেলেংকাৰী: দোষত অভিযুক্তক সহায় কৰিবলৈ নিষেধাজ্ঞা জাৰি

একাংশ বিষয়ায়ে অসম লোকসেৱা আয়োগ চাকৰিৰ বজাৰলৈ পৰ্যবসিত কৰিছিল । এই কেলেংকাৰীত অভিযুক্ত দোষী সকলক সহায় কৰা সকলৰ নিষেধাজ্ঞা আৰোপ কৰিছে । এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিভাগটোৱে ।

২০১৭ ফেব্ৰুৱাৰীৰ গোচৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে ৬৩ গ্ৰেজেটেড অফিচাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে জেললৈ প্ৰেৰণ কৰিছিল আৰু কিছু সংখ্যক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছিল । সূত্ৰয়ে প্ৰকাশ কৰা মতে এ পি এচ চি কেলেংকাৰীত অভিযুক্ত গ্ৰেজেটেড বিষয়া সকল কোনো প্ৰক্ৰিয়া অনুসৰণ নকৰাকৈ বৰখাস্ত কৰা হৈছিল । তেওঁলোকক নিজক প্ৰতিষ্ঠা কৰাৰ কোনো সুযোগে প্ৰদান নকৰিলে । এই ক্ষেত্ৰত অভিযুক্ত বিষয়া সকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক অভিযোগ দাখিল কৰিছিল ।

কাৰ্যালয়ৰ সূত্ৰয়ে প্ৰকাশ কৰে যে, আৰক্ষীৰ ৰিপোৰ্টৰ ভিত্তিত অভিযুক্ত বিষয়া সকলক বৰখাস্ত কৰা হয়। অভিযুক্ত বিষয়া সকলক বৰখাস্ত কৰাৰ সময়ত বিভাগটোৰ কোনো নীতি নিৰ্দেশনা মানি চলা নাছিল । এই ক্ষেত্ৰত তেওঁলোকে অভিযোগ দাখিল কৰিছিল আৰু তেওঁলোকক নিজক প্ৰকাশ কৰাৰ এটা সুযোগ নিদিয়াৰো অভিযোগ উত্থাপন কৰে । অভিযুক্ত সকলৰ উত্তৰ লাভ কৰাৰ পাছত সূত্ৰয়ে প্ৰকাশ কৰে যে বিভাগটোৱে তেওঁলোকক উত্তৰ পঠিয়াই আৰু তদন্তকাৰী বিষয়াক দায়িত্ব দিয়া হয় ।

অসম লোকসেৱা আয়োগত ৰাকেশ পালৰ অধ্যক্ষাত এখন চাকৰিৰ বজাৰলৈ পৰ্যবসিত হৈছিল । এই কেলেংকাৰীত ধন বিনিময়ত লোকসভা সেৱা আয়োগত চাকৰি লাভ কৰিছিল । ৰাকেশ পাল অধক্ষ্য হৈ থকাৰ সময়ত যোগ্য প্ৰাৰ্থীৰ পৰিবৰ্তে অযোগ্য প্ৰাৰ্থীয়ে লাভ কৰিছিল চাকৰি। বহু যোগ্য প্ৰাৰ্থীক চাকৰিৰ পৰা বঞ্চিত কৰি শক্তিশালী নেতা পালিনেতাৰ পুত্ৰ কন্যায়ে লাভ কৰিছিল চাকৰি ।

সৰ্বানন্দ সোনোৱালৰ নেতৃত্বাধীন অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ শীৰ্ষ অধিবক্তা মানিনদ্ৰা সিঙক এ পি এচ চি কেলেংকাৰীৰ বাবে নিযুক্তি দিয়া হৈছে । ৪১ জন এপিএচ-এচিএচ ৰ বিষয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ নিযুক্তি দিয়া হয়। বিষয়া কেইজনে তেওঁলোকৰ চাকৰি পুনৰ ওভতাই দিবৰ বাবে আবেদন কৰিছিল । ইতিমধ্যে ৪১ গৰাকীয়ে বিষয়ায়ে জামিন লাভ কৰিছে ।অসম লোকসেৱা আয়োগ কেলেংকাৰীৰ অন্যতম অভিযুক্ত ৰাকেশ গুপ্তা ৰ আত্মসমৰ্পণ কৰিছিল ।অসম লোকসেৱা আয়োগৰ চাকৰি দিয়াৰ নামত উৎকুচ লোৱা কেলেংকাৰীত অন্যতম অভিযুক্ত পলাতক ৰাকেশ গুপ্তাই আত্মসমৰ্পণ কৰিছিল ।

এপিএচচি কেলেংকাৰী গোচৰটো প্ৰায় ডেৰ বছৰ ধৰি চলি আছে ।ৰাকেশ পাল অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকা সময়ে আয়োগৰ ভিতৰচৰা এখন চাকৰিৰ বজাৰলৈ পৰ্যবসিত কৰিছিল । এপিএচচি কেলেংকাৰীৰ গোচৰত বহুতো এচিএচ আৰু এপিএচ বিষয়াক গ্ৰেপ্তাৰ কৰিছিল । ২০১৭ চনৰ পৰা ২০১৮ চনৰ ভিতৰত গ্ৰেজেটেড বিষয়াকো গ্ৰেপ্তাৰ কৰিছিল ।২০১৬ চনত ডিব্ৰুগড় আৰক্ষীয়ে উৎকুচ লোৱাৰ এক গোচৰ ৰুজু কৰিছিল । ১০ লাখ টকা উৎকুচত এপিএচচিত চাকৰি দিয়াত ইঞ্জিনিয়াৰ নবকান্ত পাটিৰৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল । তাৰ পিছত আৰক্ষীয়ে নবকান্ত পাটিৰক হাতে লোটে আটক কৰে । নবকান্ত পাটিৰৰ স্বীকাৰ উক্তিৰ ভিত্তিত ৰাকেশ পালক ২০১৬ চনৰ ৪ নবেম্বৰত আটক কৰে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com