এ পি এছ চি কেলেংকাৰি:চৰকাৰ, আৰক্ষী,লোকসেৱা আয়োগক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ

এ পি এছ চি কেলেংকাৰি:চৰকাৰ, আৰক্ষী,লোকসেৱা আয়োগক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ

এ পি এছ চি কেলেংকাৰি:চৰকাৰ, আৰক্ষী,লোকসেৱা আয়োগক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ ৷অসম লোকসেৱা আয়োগৰ বিয়াগোম নিযুক্তি কেলেংকাৰিৰ তদন্ত প্ৰক্ৰিয়াক সম্প্ৰতি নতুন মোৰ দিলে অৱসৰপ্ৰাপ্ত ন্যাযাধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ এজনীয়া তদন্ত আয়োগে ৷ এজনীয়া আয়োগখনে ৰাজ্য চৰকাৰ, অসম আৰক্ষী আৰু অসম লোকসেৱা আয়োগক কেলেংকাৰিটোৰ তদন্ত সম্পৰ্কত বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷ আয়োগৰ নিৰ্দেশ অনুসৰি অহা মাৰ্চৰ পহিলা সপ্তাহত উক্ত তিনিওটা পক্ষই আয়োগৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব লাগিব ৷ এই সম্পৰ্কত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শৰ্মাই “দ্য ছেণ্টিনেল”ক কয় যে সাধাৰণ লোকে বৰ্তমানেও এই বিয়াগোম নিযুক্তি কেলেংকাৰিৰ কোনো তথ্য থাকিলে যোগান ধৰিব পাৰিব ৷ এনে ইচ্ছ্যুক ব্যক্তিয়ে তদন্ত আয়োগখনৰ গুৱাহাটীৰ হেদায়েৎপুৰস্থিত টি চি স্কুলৰ কাষত অৱস্থিত কাৰ্যালয়ত জমা দিব পাৰিব বুলি শৰ্মাই জনায় ৷ উল্লেখ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত ৰাজ্য চৰকাৰে গঠন কৰা শৰ্মা আয়োগে এ পি এছ চিৰ ২০১৩ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে হোৱা নিযুক্তিৰ ক্ষেত্ৰত তদন্ত কৰি আছে ৷ এই পৰীক্ষাৰ ফলাফল ঘোষিত হয় ২০১৫ৰ ১২মে’ত ৷ ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে কেলেংকাৰিটোৰ বহু অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৷ অভিযুক্তসকলৰ অন্যতম হৈছে আয়োগৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পাল ৷ আনসকল অভিযুক্তৰ মাজত আছে ৫৯জন এ চি এছ আৰু এ পি এছ বিষয়া ৷ ইতিমধ্যে আৰক্ষীয়ে এই গোচৰৰ অভিযোগনামা দাখিল কৰিছে ৷

আনহাতে, তদন্ত প্ৰক্ৰিয়া সম্পৰ্কত ন্যায়াধীশ(অৱসৰপ্ৰাপ্ত)শৰ্মাই কয়, “ৰাজহুৱা জাননীৰ জড়িয়তে আমি বিভিন্ন পক্ষৰ পৰা কেলেংকাৰিটো সম্পৰ্কত তথ্য বিচাৰিছিলোঁ ৷ কিন্তু সাধাৰণ লোকৰ পৰা সঁহাৰি পালোঁ যদিও চৰকাৰে কোনো তথ্য জমা নিদিলে ৷ সম্ভৱতং চৰকাৰে কেৱল সাধাৰণ লোকৰ পৰাহে তথ্য বিচৰা বুলি ভাবিব পাৰে ৷ কাৰণ আমি ৰাজহুৱা জাননীৰ জড়িয়তে তথ্য বিচাৰিছিলোঁ ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰতিবেদন বিচাৰি মই অসম চৰকাৰ, অসম আৰক্ষী আৰু অসম লোকসেৱা আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছোঁ ৷ তিনিওটা পক্ষক অহা মাৰ্চৰ পহিলা সপ্তাহৰ ভিতৰত বিস্তৃত-ব্যাপক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছোঁ ৷” সম্প্ৰতি আয়োগৰ তদন্ত অব্যাহত আছে বুলি জানিবলৈ দি তেওঁ লগতে কয়, “ যিহেতু বিষয়টো ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে, গতিকে মই সাহায্য বিচাৰি ৰাজ্যৰ মহাধিবক্তাৰ দ্বাৰস্থ হৈছোঁ ৷”

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com