ডিব্ৰুগড় বিমানবন্দৰত আহি উপস্থিত অভিনেতা সঞ্জয় দত্ত

সুদূৰ মুম্বাইৰ পৰা আহি ডিব্ৰুগড় জিলাৰ মোহনবাৰী বিনবন্দৰত আজি আহি উপস্থিত হয় সঞ্জয় দত্ত
ডিব্ৰুগড় বিমানবন্দৰত আহি উপস্থিত অভিনেতা সঞ্জয় দত্ত

ডিব্ৰুগড় বিমানবন্দৰত আনি সৃষ্টি হয় এক উত্তেজনাপূৰ্বক পৰিবেশ। এই উত্তেজনাৰ আৰত হৈছে বলিউড জগতৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত। সুদূৰ মুম্বাইৰ পৰা আহি ডিব্ৰুগড় জিলাৰ মোহনবাৰী বিনবন্দৰত আজি আহি উপস্থিত হয় বলিউড জগতৰ এই বিশিষ্ট অভিনেতা গৰাকী।

বলিউড জগতৰ ভালে কেইখন জনপ্ৰিয় ছবি যেনে, মুন্না ভাই এম বি বি এছ, চাজন, ৰকি আদিত নিজৰ অভিনয়েৰে দৰ্শকৰ মন মূহিবলৈ সক্ষম হোৱা অভিনেতা গৰাকীক শেহতীয়া ভাৱে ঘোষিত কৰা হৈছে, অৰুণাচল প্ৰদেশৰ সম্পূৰ্ণ ১মাহ জুৰি উদযাপন কৰিব লগীয়া সোণালী জয়ন্তীবৰ্ষৰ ব্ৰেণ্ড এম্বেচাদৰ ৰূপে।

নিজৰ গন্তব্য স্থান মেচখুৱা, চি - য়মীত উপস্থিত হোৱাৰ হেতুকে আজি পুৱাৰ ভাগত ডিব্ৰুগড় বিমান বন্দৰত আৱতৰণ কৰে অভিনেতা গৰাকীয়ে। এই বিশেষ উৎসৱৰ উদযাপনৰ হেতুকে অভিনেতা গৰাকীয়ে অংশগ্ৰহণ কৰিব এটি ৰাজহুৱা ৰেলিত আৰু লগতে অৰুণাচল প্ৰদেশক পৰ্যটকৰ বাবে এক বিশেষ আকৰ্ষণ স্থলী হিচাপে সম্প্ৰচাৰ কৰিব লগীয়া কেইবাটাও বিজ্ঞাপনৰ চিত্ৰগ্ৰহণত ভাগ ল'ব কৰিব। মেচখোৱা অঞ্চলত অভিনেতা গৰাকীয়ে মুঠ দুটা দিন পাৰ কৰিব।

অভিনেতা গৰাকীৰ পৰবৰ্তী ছবি সমূহ হৈছে কে জি এফ চেপটাৰ ২, দ্য গুড মহাৰজা, সমশেৰা আৰু পৃথ্বীৰাজ। আৰু এই সকলো ছবিয়ে মুক্তি লাভ কৰিব ২০২২চনত।

অৰুণাচল প্ৰদেশত উদযাপন কৰিব লগীয়া সোণালী জয়ন্তী উৎসৱটিয়ে, ৰাজ্য খনৰ নামকৰণ কৰাৰ ৫০টা বছৰ সম্পূৰ্ণ কৰিব। এই বিশেষ উৎসাৱ উদযাপন কৰা হব সম্পূৰ্ণ এটি মাহৰ বাবে যাৰ আৰম্ভণি হ'ব অহা ২০ জানুৱাৰী, ২০২২ তাৰিখৰ পৰা।

ৰাজ্য খনৰ চহকী ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰদৰ্শনৰ হেতু, এই উৎসৱত অনুষ্ঠিত কৰা হ'ব বহুতো সাংস্কৃতিক আৰু সাহিত্য কাৰ্যসূচী আৰু লগতে অনুষ্ঠিত কৰা হ'ব বহুতো স্থানীয় খেল - ধেমালি অনুষ্ঠান।

"এই বিশেষ উৎসৱৰ যোগেদি আমি আমাৰ ভবিষ্যত প্ৰজন্মক ৰাজ্যখনৰ ইতিহাসৰ বিষয়ে জ্ঞান দিয়াৰ প্ৰচেষ্টা চলাম" বিধানসভাৰ বক্তা পি ডি সোনাই কয়। ইয়াৰ লগতে তেওঁ কয় যে, "যদিহে কাৰোবাৰ সৈতে অৰুণাচল প্ৰদেশৰ ইতিহাসৰ বিৱৰণ ডাঙি ধৰিব পৰা যিকোনো ফটোগ্ৰাফ অব ভিডিঅ' আছে, তেন্তে তেওঁলোকে সেইয়া উদযাপন কৰ্তৃপক্ষৰ হাতত জমা কৰিব পৰিব। যাতে কৰ্মৰত কৰ্তৃপক্ষই এই সকলৰ সহায়ত কোনো নতুন পৰিকল্পনা আয়োজন কৰিব পাৰিব।"

এই উৎসৱৰ বিষয়ে আৰু কিছু কথা ব্যক্ত কৰি সোনাই কয় যে, অহা ২০জানুৱাৰী ২০২২ৰ পৰা আৰম্ভ হবলৈ গৈ আছে এমাহ জুৰি অনুষ্ঠিত হব লগীয়া এই বিশেষ কাৰ্যসূচী সমূহ। স্থান নিম্ন সোৱনশিৰিৰ মুখ্য কাৰ্যালয় জিৰ'। যিহেতু অৰুণাচল প্ৰদেশে ১৯৭২ চনত জিৰোত ইয়াৰ নাম আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা লাভ কৰিছিল। অহা ২ফেব্ৰুৱাৰী ২০২২ তাৰিখে, ষ্টেটহুড ডে অনুসৰি এটি সামৰণি অনুষ্ঠান উদযাপন কৰা হ'ব ইটানগৰত।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com