খেলৰ পৃথিৱী
ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়নশ্বিপত পদক লাভ অসমৰ
অলপতে অন্ধ্ৰ প্ৰদেশৰ পেডাপুৰমত অনুষ্ঠিত চিবিএছই ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়নশ্বিপত দুগৰাকী অসমৰ পেডেলাৰে পদক অৰ্জন কৰে।
গুৱাহাটীঃ অলপতে অন্ধ্ৰ প্ৰদেশৰ পেডাপুৰমত অনুষ্ঠিত চিবিএছই ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়নশ্বিপত পদক অৰ্জন কৰে দুগৰাকী অসম পেডেলাৰে। ১৭ বছৰ অনুৰ্ধৰ ল'ৰাৰ একক শাখাত প্ৰিয়নুজ ভট্টাচাৰ্যই (প্ৰতিনিধিত্ব কৰে বস্কো পাব্লিক স্কুল, দিল্লী) ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে ১৪ বছৰ অনুৰ্ধৰ ল'ৰাৰ একক শাখাত অভীক কাশ্যপে (এছ এছ এ, গুৱাহাটী) ব্ৰঞ্জৰ পদক লাভ কৰে

