গেটোৰেড ইণ্ডিয়াৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে ধিং এক্সপ্ৰেছ হিমা দাস

গেটোৰেড ইণ্ডিয়াৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে ধিং এক্সপ্ৰেছ হিমা দাস

পেপ্সিকো ইণ্ডিয়াই ধিং এক্সপ্ৰেছ তথা অসম কন্যা হিমা দাসে স্পৰ্টছ ড্ৰিংক বেণ্ড গেটোৰেডৰ ব্ৰাণ্ড এম্ব্ৰেচাদৰ হিছাপে নিৰ্বাচিত হৈছে ৷ ইয়াৰ পিছতেই কোম্পনীটোৰ এক মন্তব্য অনুসৰি হিমাৰ অনুশীলনৰ লগতে আন বহু বিষয়ক অধ্যয়ন কৰিবলৈ গেটোৰেড ইণ্ডিয়াই ধিং এক্সপ্ৰেছৰ লগত কাম কৰিব । ইফালে গেটোৰেডৰ লগত জৰিত হৈ অত্যন্ত সুখী হৈ পৰিছে হিমা দাস ৷

এই সন্দৰ্ভত হিমা দাসে মন্তব্য কৰে যে ক্ৰীড়া বিভাগৰ বহু জেষ্ঠ্য ব্যক্তি ইয়াৰ লগত জৰিত থকাৰ কাৰণে মই অতিশয় আনন্দিত। আনহাতে পেপ্সিকো ইণ্ডিয়াৰ নিৰ্দেশক তৰুণ ভগতে কয় যে ধিং এক্সপ্ৰেছ তথা দৌৰ ৰানী হিমা দাসক আমি গেটোৰেড পৰিয়াললৈ স্বাগতম জনাই বহু সুখী হৈছো । গেটোৰেড ইণ্ডিয়াই হিমা দাসৰ লগত সহযোগ কৰি অত্যন্ত সুখী হৈছে ৷

উল্লেখ্য যে অসম সন্তান হিমা দাসে চলিত বৰ্ষত দুটা মাহৰ ভিতৰত ৬ টাকৈ স্বৰ্ণ জয়ী কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ হিমাই মহিলাৰ ৩০০ মিটাৰ দৌৰত স্বৰ্ণ জয় কৰিছিল ৷

এথলেটিকী মিটিংক ৰিটাৰত এই সাফল্য অৰ্জন কৰিছে হিমাই। এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল চেক গণৰাজ্যত ৷ আনহাতে চেক গণৰাজ্যতে পঞ্চমটো স্বৰ্ণ পদক অৰ্জন কৰিছিল হিমা দাসে। পঞ্চমটো পদক ৪০০ মিটাৰ দৌৰত হিমাই অৰ্জন কৰিছিল শ্ৰেষ্ঠত্ব। ৫২.০২ ছেকেণ্ডত দৌৰ সম্পন্ন কৰি স্বৰ্ণ পদক লাভ কৰিলে হিমাই ৷

ইয়াৰ পূৰ্বতে মাত্ৰ ১৫ দিনতে হিমাই লাভ কৰিছিল চাৰিটাকৈ সোণৰ পদক ৷ চেক গনৰাজ্যত অনুষ্ঠিত টেবৰ গ্ৰাঁ প্ৰীত ২০০ মিটাৰ ইভেন্টত স্বৰ্ণ পদক অৰ্জন কৰিছিল হিমাই । ২৩.২৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি অসম কন্যা গৰাকীয়ে অৰ্জন কৰিছিল স্বৰ্ণ পদক। উল্লেখ্য যে হিমা দাসৰ কেৰিয়াৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছিল ২৩.১০ ছেকেণ্ডত ২০০ মিটাৰ দৌৰ প্ৰদৰ্শন কৰা ৷

আনহাতে হিমা দাসৰ এই সাফল্য আনন্দ প্ৰকাশ কৰিছে দেশ বাসীয়ে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে ৰাষ্ট্ৰপতি,ৰাজ্যপাল আৰু বলীউডৰ চেলীব্ৰেট্ৰীসকলেও হিমাক এই সাফল্যৰ কাৰণে জনাইছিল অলেখ শুভকামনা। অসমৰ সুদূৰ গাঁৱৰ পৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ হিমা দাসৰ এই যাত্ৰা সছাঁকৈয়ে প্ৰশংসনীয় ৷ সচাঁ অৰ্থত হিমা দাস আমাৰ নতুন প্ৰজন্মৰ কাৰণে প্ৰেৰণাদায়ক ৷ তথা অপ্ৰতিৰোধ্য হিমা দাস ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com