বিভাজন হৈছে নেকি ভাৰতীয় ক্ৰিকেট দল ? দলৰ অধিনায়কৰ একনায়কতন্ত্ৰক লৈ সুখী নহয় দলৰ সদস্য

বিভাজন হৈছে নেকি ভাৰতীয় ক্ৰিকেট দল ? দলৰ অধিনায়কৰ একনায়কতন্ত্ৰক লৈ সুখী নহয় দলৰ সদস্য

বিভাজন হৈছে নেকি ভাৰতীয় ক্ৰিকেট দল ? দলৰ অধিনায়কক লৈ সুখী নে দলৰ সদস্য ? এই প্ৰশ্নই চুই গৈছে প্ৰতিজন ক্ৰিকেট প্ৰেমীক ৷ বিশ্ব কাপৰ চেমী ফাইনেলত ভাৰতীয় ক্ৰিকেট দলৰ পৰাজয়ৰ পিছত ভাৰতীয় দলৰ সন্দৰ্ভত সম্প্ৰতি চৰ্চা অব্যাহত আছে ৷ বিজয় শংকৰক অম্বাটি ৰাইডুৰ ঠাইত নিৰ্বাচন কৰাৰ সন্দৰ্ভত সম্প্ৰতি চৰ্চিত সৰ্বত্ৰে ৷

অম্বাটি ৰাইডুক দললৈ অনাৰ সন্দৰ্ভত কোনোও বিৰোধ কৰা নাছিল ৷ কাৰণ চৰ্চা লাভ কৰিছিল যে কোনোৱে যদি কিবা মন্তব্য কৰে তেন্তে তেওঁক দলৰ পৰা বহিস্কৃত কৰাটো নিশ্চিত ৷ কোচ ৰবি শংকৰ আৰু অধিনায়ক বিৰাট কোহলীক নিউজীলেণ্ডৰ লগত পৰাজয়ৰ কাৰনে দোষী সাব্যস্ত কৰা হৈছে ৷

ইফালে ভাৰতীয় ক্ৰিকেট কন্ট্ৰোল বৰ্ড সমিতিয়ে বিৰাট কোহলী আৰু ৰবি শাস্ত্ৰীৰ বিৰোধ কৰিব নোৱাৰে । ২০১৭ চনত ইংলেণ্ডত চেম্পিয়ন ট্ৰ’ফীত ভাৰতৰ পৰাজয়ৰ পিছত অনিল কুম্বলেক ভাৰতীয় দলৰ পৰা বাহিৰ কৰি দিয়া হৈছিল ৷ এক বিশেষ সূত্ৰৰ মতে ভাৰতীয় দলৰ দুটা দলত বিভক্ত ৷ইয়াৰে এটা ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে তত্ত্বাৱধান কৰে আৰু আনটো কৰে উপ অধিনায়ক ৰোহিত শৰ্মাই ৷

ইফালে, কিছুমান খেলত কেএল ৰাহুল প্ৰায়ে প্ৰথমতেই আহে ৷ ৰাহুলে তেতিয়ালৈকে খেলি থাকিব ৷ যেতিয়া লৈকে ভাল প্ৰদৰ্শন নকৰে বা আউট নহয় ৷ এক বিশেষ তথ্যৰ অনুসৰি যদি ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীক কুলদীপ যাদৱ আৰু য়ুজবেন্দ্ৰ চেহেলক নিৰ্বাচিত কৰিব লগা হয় তেন্তে বিৰাট প্ৰথম অগ্ৰাধিকাৰ দিব চেহেলক ৷ কাৰণ চেহেলে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত বিৰাট কোহলীৰ অন্তৰ্গত খেলে ৷ গতিকে সম্প্ৰতি নিউজিলেণ্ডৰ লগত ভাৰত পৰাজিত হোৱাৰ পিছত নিত্য নতুন প্ৰসংগই চৰ্চা লাভ কৰি আছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com