নিউজিলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দল ঘোষণা

নিউজিলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দল ঘোষণা

ঘোষণা কৰা হ'ল অহা মাহত নিউজিলেণ্ড ভ্ৰমণ কৰিব লগীয়া ভাৰতীয় মহিলা ক্ৰিকেট দলটো। নিউজিলেণ্ডত খেলিব লগীয়া এদিনীয়া আৰু টি-২০ শৃখলাৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলটো ঘোষণা কৰা হৈছে। ঘোষিত দল অনুসৰি এদিনীয়া দলটোৰ নেতৃত্ব দিব ভাৰতৰ তাৰকা ক্ৰিকেটাৰ মিতালী ৰাজে আৰু টি-২০ দলটোক নেতৃত্ব প্ৰদান কৰিব অপেনিং বেটছমেন হৰমনপ্ৰীত কৌৰে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ মুখ্য কাৰ্য্যবাহী ৰাহুল জহৰি আৰু ভাৰপ্ৰাপ্ত সচিব অমিতাভ চৌধাৰীৰ উপস্থিতিত দল দুটা ঘোষণা কৰা হয়।ঘোষিত দল দুটাৰ পৰা বাদ পৰে পৰিছে বেদ কৃষ্ণমুৰ্তি। বেদ কৃষ্ণ মুৰ্তিৰ স্থানত এদিনীয়া দলত স্থান পাইছে মনা মেশ্ৰামে। নিৰ্বাচক সমিতিৰ মুৰব্বী হেমলতাই ক্ৰমাগত দুৰ্বল ফৰ্মৰ বাবে দলৰ পৰা বাদ পৰা বুলি উল্লেখ কৰে। নিউজিলেণ্ডত ভাৰতে তিনিখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিব, আইচিচি মহিলা চেম্পিয়নশ্বিপৰ অংশস্বৰূপে ভাৰতে এই খেল সমূহ খেলিব। এদিনীয়া শৃংখলা সমাপ্ত হোৱাৰ পিছতে ভাৰতে তিনিখন টি-২০ খেলত অংশগ্ৰহণ কৰিব। সদ্য সমাপ্ত মহিলা টি-২০ বিশ্বকাপত ভাৰতে বিতৰ্কিত ভাবে নিজৰ অভিযান সামৰিছিল। ভাৰতীয় দলৰ অভিন্ন অংগ মিতালী ৰাজেক দলৰ পৰা বাদ দিয়াৰ পিছতে এই বিতৰ্কৰ সৃষ্টি হয়। তাৰপিছত প্ৰশিক্ষক ৰমেশ পাৱাৰ আৰু মিতালী ৰাজেৰ মাজত যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হৈছিল। মিতালীয়ে ৰমেশ পাৱাৰৰ বিৰুদ্ধে মানসিক অতিশয্য চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল।মহিলা টি-২০ বিশ্বকাপত ভাৰতে এইবাৰ গ্ৰুপ পৰ্যায়ত যথেষ্ট ভাল খেল প্ৰদৰ্শন কৰিছিল যদিও নক আউট পৰ্যায়ত বিদায় লব লগা হৈছিল। ঘোষণা কৰা দল দুটা হ'ল-

এদিনীয়া দল: মিতালী ৰাজ(অধিনায়ক), স্মৃতি মন্ধনা, পুনম ৰাউট, জেমিমা ৰড্ৰিগেজ, হৰমনপ্ৰীত কৌৰ, দীপ্তি শৰ্মা, তানিয়া ভাটিয়া, মনা মেশ্ৰাম, একতা বিষ্ট, মানছি যোশী, দয়ালান হেমলতা, পুনম যাদৱ, ৰাজেশ্বৰী গাইকোৱাড, ঝুলন গোস্বামী, শিখা পাণ্ডে।

টি-২০ দল: হৰমণপ্ৰীত কৌৰ(অধিনায়ক), স্মৃতি মন্ধনা, মিতালী ৰাজ, দীপ্তি শৰ্মা, জেমিমা ৰড্ৰিগেজ, অনুজা পাটিল, জয়ালান হেমলতা, মানছি যোশী, শিখা পাণ্ডে, তানিয়া ভাটিয়া, পুনম যাদব, একতা বিষ্ট, ৰাধা যাদৱ, অৰুন্ধতী ৰেড্ডী, প্ৰিয়া পুণিয়া।

নিউজিলেণ্ড ভ্ৰমণত ভাৰতীয় দলটোৱে উজ্জীৱিত খেল প্ৰদৰ্শন কৰিব বুলি সকলোৱে আশা কৰিছে। হৰমণ প্ৰীত কৌৰে বিশ্বকাপৰ সময়ৰ বিতৰ্কত প্ৰশিক্ষক ৰমেশ পাৱাৰৰ পক্ষত থিয় দিছিল, এতিয়া মিতালী ৰাজেৰ অধিনায়কত্বত হৰমণপ্ৰীত কৌৰৰ প্ৰদৰ্শন কেনেকুৱা হব সেয়া লক্ষ্যণীয় হব।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com