বিশ্বকাপ হকীত বৃহস্পতিবাৰে ইতিহাস সৃষ্টিৰ লক্ষ্যৰে নামিব ভাৰত

বিশ্বকাপ হকীত বৃহস্পতিবাৰে ইতিহাস সৃষ্টিৰ লক্ষ্যৰে নামিব ভাৰত
Published on

ওড়িশাত চলি থকা বিশ্বকাপ হকী প্ৰতিযোগিতাত বৃহস্পতি বাৰে ইতিহাস সৃষ্টিৰ লক্ষ্যৰে নামিব ভাৰত। বৃহস্পতি বাৰে হবলগীয়া কোৱাৰ্টাৰ ফাইনেল খেল খনত ভাৰত মুখামুখি হব শক্তিশালী নেডাৰলেণ্ডৰ বিৰুদ্ধে। নেডাৰলেণ্ডক পৰাস্ত কৰিব পাৰিলেই ভাৰতে বিশ্বকাপ হকীত ১৯৭৫ চনৰ পিছত প্ৰথমবাৰৰ বাবে ছেমি ফাইনেল খেলিবলৈ সুযোগ পাব।

সহজ নহব ভাৰতৰ এই যাত্ৰা কিন্তু আত্মবিশ্বাসী ভাৰতৰ অধিনায়ক মনপ্ৰীত সিঙৰ ঘোষণা এইবাৰ খালী হাতেৰে উভতি নাহে ভাৰত। নেডাৰলেণ্ডৰ বিপক্ষে ভাৰতৰ পৰিসংখ্যা বৰ এটা সন্তোষজনক নহয় শেহতীয়াভাবে খেলা ৬ খন খেলত নেডাৰলেণ্ড ৫ খন খেলত জয়ী হোৱাৰ বিপৰীতে এখন খেল ড্ৰ হৈছে। চলিত বিশ্বকাপত দুয়োটা দলেই বৰ্তমানলৈ আকৰ্ষণীয় হকী খেলিছে। গ্ৰুপ পৰ্য্যায়ৰ খেলত ভাৰতে ১২ টা গ'ল স্কোৰ কৰাৰ বিপৰীতে হজম কৰিব লগীয়া হৈছে ৩ টা গ'ল, একেদৰে নেডাৰলেণ্ডে ১৮ টা গ'ল স্কোৰ কৰাৰ বিপৰীতে হজম কৰিছে মাত্ৰ ৫ টা গ'ল। বৃহস্পতি বাৰে ওড়িশাৰ ভূবনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত হব লগীয়া কোৱাৰ্টাৰ ফাইনেল খেলখন ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ হব।

ঘৰুৱা দৰ্শকৰ সন্মুখত ভাৰতে উজ্জীৱিত খেল প্ৰদৰ্শন কৰিব বুলি সকলো আশাবাদী হৈ আছে। বৰ্তমানৰ ভাৰতীয় দলটো আৰু নেডাৰলেণ্ড দলটোৰ মাজত বৰ বেছি পাৰ্থক্য নাই, আন্তঃৰাষ্ট্ৰীয় হকী ৰেংকিঙত নেডাৰলেণ্ডৰ স্থান চতুৰ্থ হোৱাৰ বিপৰীতে ভাৰতৰ স্থান পঞ্চম।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিবী

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com