প্ৰেৰণাদায়ক পোষ্টৰ বাবে চোছিয়েল মিডিয়াত  অভিষেক বচ্চনক কলে নিবনুৱা,‌দিলে প্ৰত্যুত্তৰ

প্ৰেৰণাদায়ক পোষ্টৰ বাবে চোছিয়েল মিডিয়াত  অভিষেক বচ্চনক কলে নিবনুৱা,‌দিলে প্ৰত্যুত্তৰ
Published on: 

প্ৰেৰণাদায়ক পোষ্টৰ বাবে চোছিয়েল মিডিয়াত অভিষেক বচ্চনক কলে নিবনুৱা,‌দিলে প্ৰত্যুত্তৰ।বলিউডৰ তাৰকা সকল কিবা নহয় কিবা কাৰণত ট্ৰোল হ'ব লগীয়া হয় ।‌বহু সময়ত চলচ্চিত্ৰ জগতৰ তাৰকা সকলৰ পিন্ধা পোছাক , বিভিন্ন কথা, পোষ্ট আদিৰ ফলত ট্ৰোলৰ সন্মুখীন হোৱা দেখা যায়।এইবাৰ ছচিয়েল মিডিয়াত ট্ৰোলৰ চিকাৰ হৈছে বলিউডৰ অভিনেতা অভিষেক বচ্চন । ।

দৰাচলতে সোমবাৰে অভিনেতা অভিষেক বচ্চনে নিজৰ টুইটাৰ একাউণ্টত এটা প্ৰেৰণাদায়ক পোষ্ট শ্বেয়াৰ কৰিছিল।‌ পোষ্টটোত আছিল যে , " এটা উদ্দেশ্য লোৱা, এটা লক্ষ্য , কিবা এটা অসম্ভৱ যিটো তুমি পুৰণ কৰিব পৰা , আৰু সকলোকে জনাই দিয়া যে সেইটো অসম্ভৱ নহয় "।

কিন্তু এজন ব্যক্তিয়ে এই পোষ্টটোৰ বাবে অভিষেক বচ্চনক নিবনুৱা বুলি কয় ।সেই পোষ্টটোত এজন টুইটাৰ ব্যৱহাৰকাৰী ব্যক্তিয়ে মন্তব্য আগবঢ়ায় কয় যে " যিজন ব্যক্তিয়ে সোমবাৰে ইমান সুখী হ'ব পাৰে , তেন্তে সেই মানুহজনক আপুনি কি বুলি ক'ব ? নিবনুৱা "?

তাৰ পিছতেই ব্যক্তিজনৰ মন্তব্য অভিষেক বচ্চনে প্ৰত্যুত্তৰ দি লিখে যে , " নাই ।‌একমত নহয় । যি কোনো ব্যক্তিয়ে সেইটো কৰি আছে যিটো কৰি তেওঁ ভাল পায়" ।

অভিনেতা অভিষেক বচ্চনৰ এই প্ৰত্যুত্তৰটোৱে ইন্টাৰনেটৰ অনুৰাগী সকলৰ হৃদয় জয় কৰিছে । অনুৰাগী সকলে কয় যে সু চিন্তা অৰ্থাৎ নিৰপেক্ষ চিন্তা ধাৰাৰ এক উদাহৰণ স্বৰূপ অভিষেক বচ্চন।

এয়া প্ৰথম বাৰৰ বাবে নহয় যে য'ত অভিষেক বচ্চনে প্ৰত্যুত্তৰ দিয়া নাই । বিগত বৰ্ষটো অভিনেতা জন ট্ৰোলৰ সন্মুখীন হৈছিল। এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছিল যে , " ৩ বছৰৰ পৰা কাম নাই কিন্তু ছুটিৰ বাবে পইছা আছে । কেনেকৈ? " এই মন্তব্যবোৰ ওপৰত প্ৰত্যুত্তৰ প্ৰদান কৰি অভিষেক বচ্চনে লিখিছিল যে , " মহাশয় , কাৰণ মোৰ অন্য কেইবাটাও ব্যৱসায় আছে যি বোৰ মোৰ চলচ্চিত্ৰ নিৰ্মান আৰু অভিনয়ৰ বাহিৰেও চলে । সেই বিলাকৰ ভিতৰত খেলৰ নাম ল'ব পাৰি " ।

অভিনেতা অভিষেক বচ্চনে কিছুদিন পূৰ্বে পত্নী ঐশ্বৰ্য ৰায়ক সমৰ্থন কৰাৰ বাবে ৰ'ম গৈছিল । য'ত এটা ঘড়ীৰ ব্ৰেণ্ড, লোংগিনেছৰ লগত ২০ বছৰৰ সহযোগিতা উদযাপন কৰিছিল।

ভিডিঅ প্ৰতক্ষ্য কৰক: PM announces peace accord with NSCN, Naga militant group

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com