ছ’চিয়েল মিডিয়াত এটি বিশেষ ভিডিঅ’ই দিছে চৌপাশ পৰিস্কাৰ কৰাৰ বাৰ্তা

ছ’চিয়েল মিডিয়াত এটি বিশেষ ভিডিঅ’ই দিছে চৌপাশ পৰিস্কাৰ কৰাৰ বাৰ্তা
Published on

ছ’চিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ পৰিছে এটি বিশেষ ভিডিঅ’ ৷ এটি কাউৰীয়ে এটা খালী বটল ডাষ্টবিনত পেলোৱাৰ ভিডিঅ’ই সম্প্ৰতি ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে। কাৰণ যি সময়ত আমি মানুহে আমাৰ চাৰিওকাষ পৰিস্কাৰ পৰিচ্ছন্নতা কৰি ৰখাত কোনো গুৰুত্ব প্ৰদান নকৰো ৷

সেই সময়তে এটা কাউৰীয়ে আমাক শিকাই থৈ গ’ল, চাৰিওকাষ কেনেকৈ পৰিস্কাৰ কৰি ৰাখিব লাগে ৷ সততে আমি আমাৰ চৌপাশ পৰিস্কাৰ কৰি ৰাখিবৰ কাৰণে বিভিন্ন মন্তব্য কৰোঁ ৷সভা সমিতি অনুষ্ঠিত কৰি পৰিস্কাৰ পৰিচ্চন্নতা সন্দৰ্ভত সকলোকে সজাগ কৰোঁ ৷ কিন্তু এই ক্ষেত্ৰত বাস্তৱত আমি কিমান সচেতন ৷

আমি আমাৰ চৌপাশ পৰিস্কাৰ কৰি ৰাখিবলৈ কি কৰোঁ? কাৰণ সুবিধা পালেই আমাৰ ঘৰত ব্যৱহৃত জাবৰ জোঁথৰসমূহ পথৰ কাষত পেলাই দিও । যাৰ কাৰণে অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি হয় ৷ দুৰ্গন্ধ ওলাই ৷ সেই দুগৰ্ন্ধত পথেদি খোজ কাঢ়ি যাব নোৱাৰা অৱস্থা হয়। উদাহৰণ স্বৰূপে মহানগৰীৰ বিভিন্ন প্ৰান্তত এই পৰিস্থিতি দেখা যায়। য’তে পেলনীয়া জাবৰ জোঁথৰে পৰিৱেশ বিনষ্ট কৰে ৷ বিভাগীয় কৰ্তৃপক্ষই বিভিন্ন ব্যৱস্থা লয় যদিও সেয়া সম্প্ৰতি উপেক্ষিত ৷

গতিকে পৰিবেশ সচেতনাৰ ক্ষেত্ৰত কাউৰীৰ এই ভিডিঅ’টিয়ে আমাক প্ৰশ্ন কৰে যদি এটি কাউৰীয়ে পৰিবেশ পৰিস্কাৰ কৰি ৰখাত সজাগ হ’ব পাৰে আমি কিয় নোৱাৰোঁ? আনহাতে এই ভিডিঅ’টি শ্বেয়াৰ কৰিছিল ২২ আগষ্টত সুশান্ত নন্দাই ৷সম্প্ৰতি এই ভিডিঅ’টিক ১৩ হাজাৰ লোকে লাইক কৰিছে ৷ ইফালে কিছুদিনৰ পূৰ্বতে এটা বান্দৰে নলাৰ পৰা পানী খুলি খায় পুনৰ নলাটো বন্ধ কৰি দিয়া ভিডিঅ’ই চৰ্চা লাভ কৰিছিল ৷ যিয়ে সমাজত পানী সংৰক্ষণ কৰাৰ বাৰ্তা বহন কৰিছিল ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Religious procession by Sikh community people arrives in Biswanath Chariali

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com