ছপাৰ হিৰ' অৱতাৰত বিৰাট কোহলি , অতি সোনকালেই টেলিভিছনত আহিব " ছুপাৰ ভি "

ছপাৰ হিৰ' অৱতাৰত বিৰাট কোহলি , অতি সোনকালেই টেলিভিছনত আহিব " ছুপাৰ ভি "

ছপাৰ হিৰ' অৱতাৰত বিৰাট কোহলি , অতি সোনকালেই টেলিভিছনত আহিব " ছুপাৰ ভি "।‌ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি সকলোৰে প্ৰিয় । ক্ৰিকেট প্ৰেমী আৰু কিশোৰ কিশোৰী সকলৰ মাজত বিৰাট কোহলিৰ জনপ্ৰিয়তা তুংগত ।বিৰাট কোহলিৰ অনুৰাগী সকলৰ বাবে সুখবৰ । আহি আছে নতুন এনিমেছন শ্ব' ছুপাৰ ভি ।

তাৰকা খেলুৱৈ বিৰাট কোহলি অতি সোনকালেই ছুপাৰহিৰো অৱতাৰত , ছুপাৰ ভি সৰু পৰ্দাত দেখা যাব । এনিমেছনৰ যাদুত টিভিত জীৱন্ত হৈ উঠিব কেপ্তেইন বিৰাট কোহলি । এই অনুষ্ঠানটো নৱেম্বৰ ৫ তাৰিখ অৰ্থাৎ বিৰাট কোহলিৰ জন্ম দিনৰ পৰা আৰম্ভ হ'ব । এই এনিমেছন সৰু ল'ৰা ছোৱালীক উদ্দেশ্য কৰি আৰম্ভ কৰা হ'ব ।

এই শ্ব'টোত কেপ্তেইন বিৰাট কোহলিক সম্পূৰ্ণ বিপৰীত ৰূপত দেখা যাব । বিৰাট কোহলিৰ চৰিত্ৰৰ ওপৰতেই তৈয়াৰ কৰা হৈছে ছুপাৰ ভি নামৰ এনিমেটেড ছূপাৰহিৰ চৰিত্ৰটো।

নৱেম্বৰ মাহত আহিবলগীয়া এই এনিমেটেড শ্ব' লৈ বিৰাট কোহলিও অত্যন্ত আশাবাদী । সকলোৱে বিৰাট কোহলিৰ ছুপাৰহিৰো অৱতাৰ ছুপাৰ ভি সকলোৱে আদৰি ল'ব বুলি আশা কৰে ।

কেপ্তেইন বিৰাট কোহলীয়ে কয় যে " মই সৰুৰে পৰাই ছুপাৰহিৰো আৰু এনিমেছনক যুৱ সমাজত প্ৰৱেশ কৰাৰ ভাল মাধ্যম বুলি ভাৱো । তাৰোপৰি মই ইয়াৰ ক্ষেত্ৰত এক ইতিবাচক মনোভাৱ ৰাখো যে এই অনুষ্ঠানটোৱে সকলো দৰ্শককে মনোৰঞ্জনৰ লগতে সংলগ্ন কৰিব "।

জানিব পৰা অনুসৰি " ছুপাৰ ভি " নাটক , একচন , হাস্যৰে ভৰপুৰ হ'ব । তাৰোপৰি এই চিৰিজ খনৰ ১৩ টা অংশ থাকিব । প্ৰতিটো এপিছোদৰ অন্তত বিৰাট কোহলিয়ে গল্পৰ সাৰংশ কব আৰু দৰ্শকলৈ এক শিক্ষনীয় বাৰ্তা প্ৰেৰণ কৰিব ।

এই ছুপাৰ ভি ৰ খণ্ড সমূহ হট ষ্ট'ৰ , ষ্টাৰ প্লাচ , দ্যা স্পোৰ্ট নেটৱৰ্ক (the Star Sports Network) , দিছনি চেনেল (Disney Channel) , মাৰ্ভেল এইচ কিউ (Marvel HQ) ত উপলব্ধ হ'ব ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Head on collision between Maruti 800 & Bolero Truck injured two in Dhekiajuli

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com