ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙে ছানিয়া মিৰ্জাক কলে " হায় হায় মিৰ্চি" : দিলে প্ৰত্যুত্তৰ

 ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙে ছানিয়া মিৰ্জাক কলে " হায় হায় মিৰ্চি" : দিলে প্ৰত্যুত্তৰ

ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙে ছানিয়া মিৰ্জাক কলে " হায় হায় মিৰ্চি" : দিলে প্ৰত্যুত্তৰ। ছানিয়া মিৰ্জা আৰু যুৱৰাজ সিঙ খেল জগতৰ অতি জনপ্ৰিয় নাম । টেনিচ তাৰকা ছানিয়া মিৰ্জা আৰু ক্ৰিকেট তাৰকা যুৱৰাজ সিং সকলোৰে অতি প্ৰিয় ।

১৫ নৱেম্বৰ অৰ্থাৎ আজি ছানিয়া মিৰ্জাৰ জন্মদিন । জন্মদিন‌ উপলক্ষে ছানিয়া মিৰ্জাক বহুতে শুভেচ্ছা বানী পঠিয়াইছে। যুৱৰাজ সিং আৰু ছানিয়া মিৰ্জা‌ ভাল বন্ধু । দুয়োজন তাৰকাই টুইটাৰত প্ৰায়ে এটাই আনটোৰ পোষ্টত মন্তব্য আগবঢ়াই থকা দেখা যায় । ছানিয়া মিৰ্জাৰ জন্মদিন উপলক্ষ্যে যুৱৰাজ সিঙে ছানিয়াক টুইটাৰ যোগে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে । লগতে লিখিছে যে , " হায় হায় মিৰ্চি , জন্মদিনৰ শুভেচ্ছা মোৰ প্ৰিয় বান্ধৱী, বহুত বহুত মৰম ছানিয়া মিৰ্জা "।

https://twitter.com/MirzaSania/status/1195252921715183616

যুৱৰাজ সিঙৰ এই টুইটাৰত কৰা এই পোষ্টটোৰ কিছু সময় পিছতেই ছানিয়া মিৰ্জাই প্ৰত্যুত্তৰ দিয়ে । যুৱৰাজৰ পোষ্টটোত ছানিয়া মিৰ্জাই লিখে যে , " হে মতু , ধন্যবাদ মোৰ সকলোতকৈ প্ৰিয় বন্ধু " ।

ছ'চিয়েল মিডিয়াত প্ৰায়ে যুৱৰাজ সিং আৰু ছানিয়া মিৰ্জা‌ক এটাই আনটোৰ ধেমালি কৰি কৰা মন্তব্য দেখিবলৈ পোৱা যায় ।

উল্লেখযোগ্য যে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা যুৱৰাজ সিঙে এইটো বৰ্ষতে আন্তঃৰাষ্ট্ৰীয় আৰু আই পি এল ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহন কৰিছে । ২০১৯ চনৰ ১০ জুন তাৰিখে যুৱৰাজ সিঙে মুম্বাইত এক সংবাদমেল যোগে আন্তঃৰাষ্ট্ৰীয় ক্রিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছিল । যুৱৰাজ সিঙে এতিয়া বিদেশত লীগ খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অৱসৰ গ্ৰহণ কৰাৰ পিছত যুৱৰাজে কানাডাত গ্লোৱেল জি টি ২০ খেলিছিল । তেওঁ বৰ্তমান ডুবাইত অনুষ্ঠিত হৈ থকা টি ২০ খেলি আছে ।

যুৱৰাজ সিঙে শেষৰ বাৰৰ বাবে ২০১৭ চনৰ জুনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

ভিডিঅ প্ৰতক্ষ্য কৰক: Contractual Labour Union-IOCL staged protest

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com