অসমবাসীৰ বাবে আন গৌৰৱ : ১৩ সংখ্যক দক্ষিন এছিয়া গেমছত অসমৰ অস্মিতা চলিহাই কৰিলে সোণৰ পদক

অসমবাসীৰ বাবে আন  গৌৰৱ : ১৩ সংখ্যক  দক্ষিন এছিয়া গেমছত  অসমৰ অস্মিতা চলিহাই কৰিলে সোণৰ পদক
Published on

অসমবাসীৰ বাবে গৌৰৱৰ খবৰ যে ১৩ সংখ্যক দক্ষিণ এছিয়া গেমছত বেডমিণ্টনত মহিলাৰ একক শাখাৰ চূড়ান্ত খেলত জয় হৈ সোণৰ পদক লাভ কৰিলে অসমৰ অসমৰ অস্মিতা চলিহাই।শুক্ৰবাৰে আবেলি সময়ত অনুষ্ঠিত হোৱা খেলখনত গায়ত্ৰী গোপিচান্দক ২১- ১৮,২৫-২৩ পৰাজিত কৰি সোণৰ পদক আজুৰিব সক্ষম হয়।অন্যহাতে পুৰুষৰ একক শাখাত ৰূপৰ পদক লাভ কৰিব সক্ষম হয় চিৰিল বাৰ্মা।উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত ভাৰতীয় স্বাটলাৰ সকলে একক শাখাত চাৰিটা সোণ, দুটা ছিলভাৰ আৰু দুটা ব্ৰঞ্জৰ পদকসহ মুঠ আঠটা পদক লাভ কৰিব সক্ষম হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com