অসমত খাদ্য সুৰক্ষা বিভাগে নিষিদ্ধ কৰিলে বিছলেৰী পানীৰ বটল

অসমত খাদ্য সুৰক্ষা বিভাগে নিষিদ্ধ কৰিলে বিছলেৰী পানীৰ বটল

অসমত এতিয়াৰ পৰা দেখিবলৈ নাপােব বিছলেৰী পানীৰ বটল ৷ কাৰণ ৰাজ্যৰ খাদ্য সুৰক্ষা বিভাগে বিছলেৰী পানীৰ বটলৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷ খাদ্য সুৰক্ষা বিভাগৰ এক সূত্ৰৰ মত অনুসৰি,বিছলেৰী পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিছিল ৷ই নমুনা সংগ্ৰহ কৰা হৈছিল এপ্ৰিলৰ ৬ তাৰিখে । আৰু ইয়াত যথেষ্ট পৰিমাণে ফ্ল’ৰাইড উপস্থিতি ধৰা পৰে ।

ইয়াৰ পিছতেই বিছলেৰীৰ পানীৰ বটলৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰে । বিভাগে অনতি পলমে ৩০ দিনৰ ভিতৰত বজাৰত থকা বটলসমূহৰ ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ কয়। পৰিবেশ সুৰক্ষা আৰু মানুহৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য কৰিয়েই এই উদ্দেশ্য লোৱা হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com