বৰষুণৰ বাবে বিএমচিয়ে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহ বন্ধ ঘোষণা কৰে

বৰষুণৰ বাবে বিএমচিয়ে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহ বন্ধ ঘোষণা কৰে
Published on: 

প্ৰায় ১৫ দিনীয়া ধাৰাষাৰ বৰষুণৰ পাছত মুম্বাই জন জীৱন প্ৰায় স্তব্ধ হৈ পৰিছে ।ধাৰাষাৰ বৰষুণৰ বাবে বিএমচিয়ে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহ বন্ধ ঘোষণা কৰে | মুম্বাইত বহুতো অঞ্চলত পানী জমা হৈ যোৱাৰ লগতে যাতায়াতৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । ধাৰাষাৰ বৰষুণৰ ফলত মুম্বাইত বানপানী হোৱাৰ ফলত ব্ৰিহনমুম্বাই পৌৰ নিগমে আজি অৰ্থাৎ ২ জুলাইত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহ বন্ধ ঘোষণা কৰে।

স্থানীয় বতৰ বিজ্ঞান কেন্দ্ৰয়ে জনোৱা মতে, অনাগত ৪৮ ঘন্টাত চহৰ খনত ধাৰাষাৰ বৰষুণ হৈ থাকিব । যোৱা মাহটোত চহৰ খনত ৫৫০mm মাত্ৰাত বৰষুণ দি আছিল ।

বৰষুণৰ ফলত মুম্বাইত জৰুৰী ব্যবস্থা ঘোষণা কৰিছে । বি এম চিয়ে ইতিমধ্যে হেল্প লাইন নম্বৰ মুকলি কৰিছে । হেল্প লাইন নম্বৰ সমূহ হৈছে-

১০৮- বাৰিষা সহায়ক নম্বৰ ( বি এম চি)

১৯১৬ - বৰষুণৰ সময়ত নাগৰিক বিপৰ্যয়ৰ বাবে ( বি এম চি)

১০৮- এম্বুলেঞ্চ সেৱা

১৫১২- ৰেলৱে জৰুৰী সেৱা

১০০ - আৰক্ষী হটলাইন

+ ৯১৯৮২২৪৯৮২২৪ - জৰুৰী সেৱাৰ বাবে , মুম্বাই পুণে হাইৱে পাট্ৰোল

১১২- ভাৰতৰ ছিংগল জৰুৰী নম্বৰ , আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৯১১ ৰ দৰে ।

বৰ্তমান মুম্বাই চহৰত বৰষুণৰ বাবে জনজীৱন প্ৰায় স্তব্ধ হৈ পৰিছে । মুম্বাইৰ বহুতো ৰাজপথ , পদ পথৰ লগতে ৰেল লাইনটো বানপানীৰ বাবে যাতায়ত বন্ধ হৈ পৰিছে । যাত্ৰী সকলৰ লগতে ব্যৱসায়ী সকলেও যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । চৰকাৰী কাৰ্যালয়ৰ মুখপাত্ৰয়ে প্ৰকাশ কৰা মতে, জৰুৰী সেৱাৰ বাদে কোনো সেৱায়ে চহৰ খনত কাম কৰা নাই ।

মুম্বাইত যি সমূহ অঞ্চলত বানপানীৰ হয় , সেই অঞ্চলৰ লোক সকলক ঘৰৰ ভিতৰতে থাকিবলৈ কোৱা হৈছে । যেতিয়ালৈকে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰয়ে বৰষুণ অব্যাহত থকাৰ আগজাননী দিছে , তেতিয়া লৈকে বানপানী সৃষ্টি হোৱা অঞ্চলত সমূহৰ লোকসকলক ঘৰৰ ভিতৰতে থাকিবলৈ কোৱা হৈছে ।

উল্লেখযোগ্য যে, বৰষুণৰ ফলতে মুম্বাই বিমান বন্দৰলৈ যোৱা পথ সমুহ বন্ধ হৈ পৰিছে । বিমান সেৱাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ।

স্পাইচজেট আৰু বয়িং ৭৩৭-৮০০ ৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা সন্মুখীন হোৱা পৰিলক্ষিত হয় ।

গোৱা , আহমেদাবাদ আৰু বাংগালোৰ আদি লৈ ৫৪ খন বিমান যাত্ৰা কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com