ব্ৰেকিং নিউজ
NRC সম্বন্ধে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, বৃদ্ধি কৰা হ'ল দাবী আৰু আপত্তিৰ আবেদনৰ সময় সীমা
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্বন্ধে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে গুৰুত্বপূৰ্ণ ৰায় দান। বিভিন্ন দল সংগঠনে জনোৱা আহ্বানৰ প্ৰতি সন্মান জনাই উচ্চতম ন্যায়ালয়ে দাবী আৰু আপত্তিৰ আবেদন প্ৰক্ৰিয়াৰ সময় সীমা বৃদ্ধি কৰিলে। পূৰ্বৰ ১৫ ডিচেম্বৰৰ পৰিবৰ্তে ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে দাবী আৰু আপত্তিৰ আবেদনৰ সময়সীমা। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰাত বাদ পৰা ৪০ লাখ লোকৰ ভিতৰত মাত্ৰ ৮ লাখ লোকেহে আবেদন কৰিছে দাবী আৰু আপত্তি আবেদন প্ৰক্ৰিয়াত।
অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ