প্ৰেমিকৰ ভাড়াঘৰত কন্ঠশিল্পী কৰবী দাসৰ আত্মহত্যা: ৰহস্যৰ আবৰ্তত

প্ৰেমিকৰ ভাড়াঘৰত কন্ঠশিল্পী কৰবী দাসৰ আত্মহত্যা: ৰহস্যৰ আবৰ্তত
Published on

গুৱাহাটীৰ প্ৰেমিকৰ ভাড়াঘৰত ৰহস্যজনক ভাৱে আত্মহত্যা কৰে কন্ঠশিল্পী কৰবী দাসে । সমগ্ৰ ঘটনা বৰ্তমান ৰহস্যৰ আবৰ্তত সোমাই পৰিছে । কন্ঠশিল্পী কৰবী দাসৰ মৃতদেহ চীপ লোৱা অবস্থাত উদ্ধাৰ কৰে ।আজি গুৱাহাটীৰ শ্ৰীমন্তপুৰ এলেকাৰ এটা ঘৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে উদীয়মান শিল্পীগৰাকীৰ মৃতদেহ।উল্লেখ্য যে বিগত তিনিবছৰ ধৰি জনপ্ৰিয় কন্ঠশিল্পী সীমান্ত শেখৰৰ সহযোগী কন্ঠশিল্পী হিচাপে গীত পৰিৱেশন কৰি আহিছিল কৰবী দাসে।প্ৰেমিক ঋতুপৰ্ণৰ ভাড়াঘৰত উদ্ধাৰ হৈছিল কৰৱী দাসৰ মৃতদেহ।

উল্লেখ্য যে, প্ৰেমিকৰ ভাড়াঘৰতে আছিল কৰৱী দাস। এইপৰ্যন্ত জানিব পৰা হোৱা নাই মৃত্যুৰ কাৰণ। ইতিমধ্যে মহানগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰিছে।উল্লেখযোগ্য যে দুদিনমান কণ্ঠশিল্পী কৰবী দাসে ফেচবুকত শ্বেয়াৰ কৰিছিল প্ৰেম সম্পৰ্কীয় কেইবাটাও পোষ্ট। কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ পিছতে শিল্পী সমাজত শোকৰ ছাঁ পৰিছে । কিহৰ বাবে উদীয়মান কন্ঠশিল্পী গৰাকীয়ে এই চৰম পথ লয় জানিব পৰা হোৱা নাই । ৰহস্যৰ আবৰ্তত সোমাই পৰিছে সমগ্ৰ ঘটনাটো ।ইতিমধ্যে কৰবী দাসৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

ইতিমধ্যে প্ৰেমিক ঋতুপৰ্ণক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com