বিশ্বকাপ ছেমি ফাইনেল: ৩০.৩ অভাৰত ৯২ ৰান ভাৰতৰ : ৬ জন আউট

বিশ্বকাপ ছেমি ফাইনেল: ৩০.৩ অভাৰত ৯২ ৰান ভাৰতৰ : ৬ জন আউট
Published on: 

আজি বিশ্বকাপ মহাৰনৰ ছেমি ফাইনেল । বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতক জয়ৰ বাবে ২৪০ ৰানৰ প্ৰয়োজন । ভাৰতে ৩০.৩ অভাৰত ৬ টা উইকেট হেৰুৱাই ৯২ কৰিবলৈ সক্ষম হৈছে ।

আজি খেলখন যথেষ্ট ৰোমাঞ্চকৰ হৈ পৰিছে । কঠোৰ প্ৰত্যাহবান সন্মুখীন ভাৰত । ভাৰতে প্ৰথমেই ৩ টা উইকেট হেৰুৱাই । মংগলবাৰে বৰষুণৰ বাবে স্থগিত ৰখা হৈছিল ভাৰত আৰু নিউজিলেণ্ডৰ ছেমি ফাইনেল। নিউজিলেণ্ডে ৮ টা উইকেট হেৰুৱাই ভাৰতক ২৪০ ৰান ধাৰ্য কৰি দিয়ে । বৰ্তমানলৈকে ভাৰতৰ বিৰাট কোহলি, ৰোহিত শৰ্মা, কে এল ৰাহুল, ৰিশভ পন্ট, দিনেশ কাৰ্টিক, হাৰ্ডিক পান্দিয়া আউট হল । ভাৰত সন্মুখত কঠোৰ প্ৰত্যাহবান |

আজিৰ খেল খনক লৈ ক্ৰিকেট অনুৰাগী সকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে । আজি ভাৰতীয় দলৰ প্লেয়িং ইলেভেনত আছে অধিনায়ক বিৰাট কোহলী , জছপ্ৰীত বুমৰাহ, য়ুজৱেন্দ্ৰ চহল, এম এছ ধোনী, ৰবীন্দ্ৰ জাদেজা, কেদাৰ যাদৱ, দীনেশ কাৰ্তিক, ভুবনেশ্বৰ কুমাৰ, হাৰ্দিক পাণ্ডিয়া, ঋষভ পন্ত, কে এল ৰাহুল, মহম্মদ ছামী, মায়াংক আগৰৱাল, ৰোহিত শৰ্মা আৰু কুলদীপ যাদৱ।

ইফালে, নিউজীলেণ্ড দলটোত আছে অধিনায়ক কেন উইলিয়ামছন , টম ব্লণ্ডেল, ট্ৰেণ্ট ব’ল্ট, কলিন ডি গ্ৰেণ্ডহোম, লোকি ফৰ্গুছন, মাৰ্টিন গপতিল, মেট হেনৰী, টম লেথম, কলিন মনৰো, জিমি নীশম, হেনৰী নিকোলছ, মিছেল ছেণ্টনৰ, ঈশ ছোৰী, টিম ছউদী আৰু ৰছ টেলাৰ।বৰ্তমান বৰষুণৰ বাবে খেল খন স্থগিত ৰখা হৈছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com