অসমৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল

অসমৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল
Published on

অসমৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা চলি আছে। ৰাজ্যিক নিৰ্বাচন আয়ুক্তই সম্পূৰ্ণ ভোট গণনালৈ ১৬-১৭ ঘন্টা সময়ৰ প্ৰয়োজন হব বুলি উল্লেখ কৰাৰ পিছতো অধিক সময়ৰ প্ৰয়োজন হৈছে সম্পূৰ্ণ ভোট গণনাৰ বাবে। বৰ্তমানেও পূৰ্ণ গতিত চলি আছে ভোট গণনা প্ৰক্ৰিয়া। এতিয়ালৈ প্ৰকাশ হোৱা ফলাফল অনুসৰি বিজেপিয়ে সৰ্বাধিক আসন দখল কৰিবলৈ সক্ষম হৈছে, বিজেপিৰ পিছতে দ্বিতীয় স্থানত আছে প্ৰধান বিৰোধী দল কংগ্ৰেছ। বৰ্তমানলৈ হোৱা ভোট গণনা অনুসৰি বিভিন্ন দলৰ সামগ্ৰিক ফলাফল এনেধৰণৰ-

গাঁও পঞ্চায়তৰ ২১৯৯ খন আসনৰ ভিতৰত বৰ্তমানলৈ ১৮৫২ খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে। ঘোষিত ১৮৫২ খন আসনৰ ভিতৰত কংগ্ৰেছে লাভ কৰিছে ৬২১ খন আসন, বিজেপিয়ে লাভ কৰিছে ৮৮৬ খন, অসম গণ পৰিষদে লাভ কৰিছে ১১১ খন, এআইইউডিএফে লাভ কৰিছে ১০৪ খন আৰু অন্যান্য দলে লাভ কৰিছে ১৩০ খন আসন।

আনহাতে এতিয়ালৈ আঞ্চলিক পৰিষদৰ ২১৯৯ খন আসনৰ ১৭৯২ খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে, ঘোষিত আসন সমূহৰ ভিতৰত কংগ্ৰেছে ৬২৭ খন, বিজেপিয়ে ৮৫৯ খন, অগপই ৯১ খন, এআইইউডিএফে ১১১ খন আৰু অন্যান্য দলে ১০৪ খন আসন লাভ কৰিছে।

জিলা পৰিষদৰ ঘোষিত ফলাফল অনুসৰি বিজেপিয়ে সাফল্য লাভ কৰিছে। ৪২০ খন জিলা পৰিষদৰ এতিয়ালৈ ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছে ১৩৫ খন, বিজেপিয়ে ১৯৫ খন, অগপই ১৯ খন, এআইইউডিএফে ২৪ খন আৰু অন্যান্য দল সমূহে লাভ কৰিছে ১০ খন আসন। চলিত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, অগপৰ প্ৰফুল্ল কুমাৰ মহন্ত, বিজেপিৰ সভাপতি ৰঞ্জিত দাস আদিৰ গৃহ সমষ্টিত নিজ নিজ দল সমূহে বৃহৎ পৰাজয়ৰ সন্মুখীন হৈছে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com