কলা শাখাত শীৰ্ষ প্ৰথম স্থান সহ চাৰিটা স্থান দখলৰে উজলি উঠিল দৰং

কলা শাখাত শীৰ্ষ প্ৰথম স্থান সহ চাৰিটা স্থান দখলৰে উজলি উঠিল দৰং
Published on

আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চুৰান্ত ফলাফল । কলা শাখাত শীৰ্ষ প্ৰথম স্থানত উৰ্ত্তীৰ্ণ হৈছে দৰং জিলাৰ ব্ৰিলিয়ান্ত একাডেমিৰ খুচবু ফিৰদৌজে। লগতে ব্ৰিলিয়ান্ত একাডেমিৰ পৰা নবম স্থানত উৰ্ত্তীৰ্ণ হৈছে দিপাংকৰ দাসে । খুচবু ফিৰদৌজে ৫০০ নম্বৰৰ ভিতৰত ৪৭৮ নম্বৰ লাভ কৰিছে । দিপাংকৰ দাসে ৫০০ নম্বৰৰ ভিতৰত ৪৬৬ নম্বৰ লাভ কৰিছে ।

আনহাতে দৰঙৰ ৰঞ্জিত শৰ্মা একাডেমিৰ পৰা শীৰ্ষ চতুৰ্থ আৰু অষ্টম স্থানত উৰ্ত্তীৰ্ণ হৈছে । শীৰ্ষ চতুৰ্থ স্থানত জুপিতৰা শৰ্মা আৰু অষ্টম স্থানত উৰ্ত্তীৰ্ণ হৈছে শ্ৰুতিস্মিতা বশিষ্ঠ । জুপিতৰা শৰ্মায়ে ৫০০ ৰ ভিতৰত ৪৭২ নম্বৰ লাভ কৰিছে আৰু শ্ৰুতিস্মিতা বশিষ্ঠয়ে ৫০০ নম্বৰৰ ভিতৰত ৪৬৭ নম্বৰ লাভ কৰিছে ।

বিজ্ঞান শাখাত ছিপাঝাৰৰ ট্ৰিনিটি জুনিয়ৰ ছায়েন্স কলেজৰ পৰা পাৰ্থ প্ৰতিম চহৰীয়াই সৰ্বমুঠ ৪৭৩ নম্বৰ লাভ কৰি পঞ্চম স্থানত উৰ্ত্তীৰ্ণ হবলৈ সক্ষম হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক :ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com