গুৱাহাটীৰ বিস্ফোৰণত অভিযুক্ত প্ৰানময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক কোৰ্টত হাজিৰ: ১০ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

গুৱাহাটীৰ বিস্ফোৰণত অভিযুক্ত প্ৰানময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক কোৰ্টত হাজিৰ: ১০ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
Published on

আজি অসম আৰক্ষীয়ে গুৱাহাটী বোমা বিস্ফোৰণত অভিযুক্ত প্ৰানময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক চিজেএম (CJM) কোৰ্টত হাজিৰ কৰোৱাই । কোৰ্টে ১০ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে দুয়োকে।

বৃহস্পতি বাৰে পাঞ্জাবাৰীৰ নামঘৰ পথৰ পৰা প্ৰানময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। লগতে প্ৰায় ৪০ কেজিৰ বিস্ফোৰক জব্দ কৰিছিল ।

অভিযুক্ত প্ৰানময় ৰাজগুৰুয়ে কয় যে "দেশ আৰু জাতিৰ স্বাৰ্থত সংগ্ৰাম অব্যাহত থাকিব ' , মই সংগ্ৰামত জৰিত, বিস্ফোৰণত নহয়, মোৰ জাতি মোৰ স্বাভিমান আৰু অসম ভাৰতৰ অংগ নাছিল আৰু হবলৈ নিদিওঁ বুলি প্ৰকাশ কৰে। দেশক ভালপোৱা কেতিয়াও অপৰাধ নহয় যদি সেয়া অপৰাধ , তেন্তে মই অপৰাধী বুলি প্ৰকাশ কৰে প্ৰানময় ৰাজগুৰুয়ে ।

অন্য খবৰৰ বাবে পঢ়ক :ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com