বিশিষ্ট নাগৰিক প্ৰদীপ কুমাৰ ভূঞা আৰু বন্তি ভূঞাক সন্মানীয় লাচিত বঁটা প্ৰদান

বিশিষ্ট নাগৰিক প্ৰদীপ কুমাৰ ভূঞা আৰু বন্তি ভূঞাক সন্মানীয় লাচিত বঁটা প্ৰদান
Published on

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ মূল মানুহ, যাৰ ত্যাগ আৰু প্ৰচেষ্ঠাৰ বলত এন আৰ চি প্ৰক্ৰিয়াই গতি লাভ কৰিছিল, প্ৰকৃত অসম সন্তান বিশিষ্ট নাগৰিক প্ৰদীপ কুমাৰ ভূঞা আৰু ভূঞা দেৱৰ পত্নী বন্তি ভূঞাক টাই আহোম যুৱ পৰিষদে চলিত বৰ্ষৰ লাচিত দিৱসত সন্মানীয় লাচিত বঁটাৰে সন্মানিত কৰে।গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত প্ৰদীপ কুমাৰ ভূঞা আৰু বন্তি ভূঞাক এই বঁটা প্ৰদান কৰা হয়। প্ৰদীপ কুমাৰ ভূঞা আৰু বন্তি ভূঞাৰ একক আৰু ব্যাক্তিগত প্ৰচেষ্ঠাৰ ফলত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰক্ৰিয়াই বাস্তৱৰূপ পাইছে। ভূঞা দম্পতীয়ে প্ৰথম উচ্চতম ন্যায়ালয়ত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ বাবে গোচৰ তৰিছিল। গোচৰ চলি থকা সময়ত ইয়াৰ বাবে প্ৰয়োজনীয় ধনৰ

বাবে তেওঁলোকে নিজা জমাধন, সা-সম্পত্তি পৰ্য্যন্ত বিক্ৰী কৰিব লগা হৈছে।

অধিক খবৰৰ বাবে পঢ়ক: Breaking News

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com