আমূলৰ বলীউডৰ বিগ বি অমিতাভ বচ্চনলৈ বিশেষ শুভেচ্ছা

আমূলৰ বলীউডৰ বিগ বি অমিতাভ বচ্চনলৈ বিশেষ শুভেচ্ছা

বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনক দাদা চাহেব ফাল্কে বটাঁ দিয়াৰ কথা ঘোষণা হোৱাৰ লগে লগে সকলোৱে বিগ বিক শুভেচ্ছা জ্ঞাপন কৰিছে ৷এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই আমূল ৷ কাৰণে আমূল বিগ বি অমিতাভ বচ্চন কৌন বনেগা কৌৰ পতিৰ হট আসনক লৈ এটি ছবি তৈয়াৰ কৰিছে ।সেই ছবিখনত অমিতাভ বচ্চন ডাৰ্ক ব্লু পোচাক পৰিধান কৰা দেখিবলৈ পোৱা গৈছে।

লগতে আমূলৰ পেকেটত থকা সৰু ছোৱালীজনীয়ে অমিতাব বচ্চনক আমূলৰ পেকেট অফাৰ কৰিছে। ইফালে পেকেটটোত লিখিছে এক অৌৰ বিজয়। আনহাতে বেকগ্ৰাউণ্ডত দেখা গৈছে দাদা চাহাব ফাল্কে বটাঁ । তলত লিখা আছে আমূল,হাম ভী এ.বি ৷

উল্লেখ্য যে বলীউডৰ “বিগ বি”ক দাদা চাহেব ফাল্কে পুৰস্কাৰ দিয়াৰ সন্দৰ্ভত মংগলবাৰে তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে টুইটাৰ যোগে কয় যে অমিতাভ বচ্চনে আমাৰ দুটা প্ৰজন্মক মনোৰঞ্জন আৰু প্ৰেৰণা যোগাই আহিছে ৷ তেওঁক সৰ্বসন্মতি ক্ৰমে দাদা চাহেব ফাল্কে বটাঁৰ কাৰনে বাছনি কৰা হৈছে। এই খবৰক লৈ সমগ্ৰ দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় সুখী । তেওঁলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ৷

ইফালে বলীউডৰ ছুপাৰষ্টাৰ তথা বিগ বি অমিতাভ বচ্চনে Angry Young Man পৰা পৰিৱৰ্তন হৈ শ্বাহেনশ্বাহৰ দৰে জনপ্ৰিয় ছবিত অভিনয় কৰিছিল ৷প্ৰায় পাঁচটা দশকত বলীউডৰ অভিনেতাগৰাকীয়ে ভাৰতীয় ছবি জগতলৈ যি অৱদান আগবঢ়াইছে সেয়া অতিকৈ উল্লেখ্যনীয়। অমিতাভ বচ্চনে ছবি জগতত পদাৰ্পণ কৰিছিল “সাত হিন্দুস্তানী” ছবিৰ জৰিয়তে ৷তাৰ পিছত আনন্দ ছবিত অভিনয় কৰে । ১৯৭৩ চনত প্ৰকাশ মেহৰাৰ জঞ্জিৰ ছবিত অভিনয় কৰে “বিগ বি”য়ে ৷

ইয়াৰ পিছত আৰু পিছলৈ চোৱা নাই অমিতাভ বচ্চনে ৷ কাৰণ ছবিখনত বচ্চনৰ Angry Young Manৰ চৰিত্ৰ,ষ্টাইল আদিয়ে চলচ্চিত্ৰ প্ৰেমীৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল। ইফালে সফলতা আৰু বলীউডৰ বিগ বি অমিতাভ বচ্চন যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷কিন্তু বচ্চনৰ এই সফলতা এদিনতে লাভ কৰা নাছিল ৷ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছতহে অমিতাভ বচ্চন সফলতাৰ সন্মুখীন হৈছিল ৷ আনহাতে অমিতাভ বচ্চনৰ বিভিন্ন ছবিসমূহৰ চৰিত্ৰসমূহক দৰ্শকে বিভিন্ন ধৰণে ভাল পায়। কিছুমান লোকে অমিতাভ বচ্চনক দীৱাৰ , জঞ্জিৰ,ডন আৰু শ্ব’লে আদি ছবিৰ চৰিত্ৰসমূহত কৰা অভিনয়ৰ কাৰণে ভাল পায় ।কিছুমানে তেওঁক ব্লেক,পা আৰু পিকু ছবিৰ চৰিত্ৰৰ কাৰণে ভাল পায়। কিছুমান দৰ্শকে আকৌ অমিতাভ বচ্চনক ভাল পায় কমেডী চৰিত্ৰৰ কাৰণে।

ইফালে সম্প্ৰতি অমিতাভ বচ্চন ব্যস্ত আছে কৌন বনেগা কৌড় পতি অনুষ্ঠানত। বলীউডৰ অমিতাভ বচ্চনলৈ দাদা চাহেব ফাহেব বটাঁ ঘোষণা হোৱাৰ পিছতেই সকলোৱে বি বিগ অভিনন্দন জ্ঞাপন কৰিছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Lumding MLA Sibu Mishra donates 3 bigha land to Pranabananda Women’s College

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com