
বলীউডৰ চিৰ সেউজ অভিনেতা ঋষি কাপুৰ যে কেন্সাৰৰ পৰা যে মুক্তি পালে সেই কথা নিশ্চয় অনুৰাগীসকলে জানিছে ৷তথাপি সম্প্ৰতি ঋষি কাপুৰ আছে নিউয়ৰ্কৰ চিকিৎসকসকলৰ অধীনত ৷ এই সময়ত ঋষি কাপুৰৰ লগত আছে তেওঁৰ পত্নী নীতু সিং ৷সোমবাৰে নীতু সিং আৰু ঋষি কাপুৰৰ জীয়ৰী ৰিদ্ধিমা কাপুৰে ইনষ্টাগ্ৰামত এখন ফ’টো শ্বেয়াৰ কৰিছে ৷
https://www.instagram.com/p/BzFDUhEnelA/
ফ’টো খনত ৰনবীৰ কাপুৰ,আলিয়া ভাট্ট,ঋষি কাপুৰক দেখিবলৈ পোৱা গৈছে ৷ ৰিদ্ধিমাই এখন অন্য আলোকচিত্ৰও শ্বেয়াৰ কৰিছে ৷ সেই ফটোখনত ৰনবীৰ কাপুৰ,আলিয়া ভাট্টৰ উপৰিও ঋতু নন্দা,নাতাশা নন্দাৰ লগতে ঐশ্বৰ্য ৰায় বচ্চন,স্বামী অভিষেক বচ্চন আৰু জীয়ৰী আৰাধ্যা বচ্চনক দেখিবলৈ পোৱা গৈছে। এক বিশেষ সূত্ৰ মত অনুসৰি ঋষি কাপুৰে ৪ ছেপ্তেম্বৰত ৬৭ সংখ্যক জন্মদিন ভাৰতত আয়োজন কৰিব পাৰে ৷কাৰণ ভাৰতলৈ অহাৰ প্ৰসংগত ঋষি কাপুৰে কৈছিল যে মই আগষ্টত ভাৰতলৈ আহিবলৈ চেষ্টা কৰিম ৷
কিন্তু চিকিৎসকসকলে কি ক’ব সেই কথাৰ ওপৰত গুৰুত্ব দিয়া হ’ব। ২০১৮ চনৰ ২৯ ছেপ্তেম্বৰত ঋষি কাপুৰে এক টুইট যোগে কৈছিল যে কিছুসংখ্যক চিকিৎসাৰ কাৰণে আমেৰিকালৈ গমন কৰিছোঁ ৷সকলোৱে যাতে শুভকামনা জনায় ৷লগতে ঋষি কাপুৰে অনতি পলমে ঘুৰি আহিবলৈ প্ৰতিশ্ৰুতি দিছিল ৷
অৱশ্যে ঋষি কাপুৰে কোনো ৰোগ হোৱাৰ কথা উত্থাপন নকৰিছিল যদিও সকলো অনুৰাগী কেন্সাৰ হোৱাৰ কথা সন্দেহ কৰিছিল ৷ আমেৰিকালৈ যোৱা দুদিন পিছত ঋষি কাপুৰৰ মাতৃ কৃষ্ণা ৰাজৰ মৃত্যু হয় ৷যদিও ঋষি কাপুৰ অন্তিম দৰ্শন দিবলৈ আহিব নোৱাৰিলে ৷ অন্যহাতে ঋষি কাপুৰক শেষ বাৰৰ কাৰণে নেটফ্লিক্সত মুক্তি প্ৰাপ্ত ছবি ৰাজমা চাৱলত দেখা গৈছে ৷উল্লেখ্য যে ঋষি কাপুৰ আৰু নীতু সিঙৰ পুত্ৰ ৰনবীৰ কাপুৰ আৰু মহেশ ভাট্টৰ জীয়ৰী আলিয়া ভাট্ট সম্প্ৰতি প্ৰেমৰ সম্পৰ্কত আছে ৷
আলিয়া ভাট্ট আৰু ৰনবীৰ কাপুৰে সম্প্ৰতি ছুইজাৰলেণ্ডত আজৰি সময় অতিবাহিত কৰিছে। কিন্তু সম্প্ৰতি আলিয়া ভাট্ট আৰু ৰনবীৰ কাপুৰে অনতিপলমে বিবাহ পাশত আৱদ্ধ হ’ব বুলি ওলোৱা খবৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ কিন্তু ছুপাৰষ্টাৰ দুয়োজনৰ এই খবৰ আলিয়া ভাট্টৰ মাতৃ সো’নী ৰাজদানে খণ্ডন কৰি কয় যে এই বাতৰি সম্পূৰ্ণ মিছা ৷
ইফালে আলিয়া ভাট্ট আৰু ৰনবীৰ কাপুৰৰ বিয়াৰ খবৰ নতুন কথা নহয় ৷পূৰ্বতেও এনেধৰণৰ খবৰ নসাৎ কৰিছে সোনী ৰাজদানে ৷ ইফালে কিছুদিন পূৰ্বে ঋষি কাপুৰ ৰনবীৰ কাপুৰৰ বিয়াৰ কাৰণে অনতি পলমে ভাৰতলৈ অহাৰ কথা উল্লেখ কৰাৰ পিছত সংবাদ মাধ্যমত চৰ্চা লাভ কৰে ৰনবীৰ আৰু আলিয়াৰ বিয়াৰ প্ৰসংগই ৷এক সাক্ষাৎকাৰত সোনী ৰাজদানে কয় যে বলীউডত আলিয়াই ১৯ বছৰ বয়সতে পদাৰ্পন কৰিলে ৷ মই আলিয়াক প্ৰায়ে কওঁ যে জীৱনৰ লগত জৰিত যিকোনো সিদ্ধান্ত ল’বলৈ তুমি বহুত সৰু ৷কিন্তু মোৰ অনুভৱ হয় যে যদি বিয়াৰ কাৰণে যদি তুমি উপযুক্ত ব্যক্তি লাভ কৰা তেন্তে বিবাহ পাশত আৱদ্ধ হ’ব লাগে ৷
কিন্তু এইসমূহ সিদ্ধান্ত ল’বলৈ জীৱনত সাৱধানতাৰে আগবাঢ়িব লাগে ৷ অন্যহাতে,আলিয়া ভাট্ট আৰু ৰনবীৰ কাপুৰৰ এই সম্পৰ্কটোৰ সন্দৰ্ভত কোনো কথা নুলুৱাকৈ বিস্তাৰিত ভাৱে প্ৰকাশ কৰে আলিয়া ভাট্টৰ পিতৃ মহেশ ভাট্টে ৷মহেশ ভাট্ট এটি সাক্ষাৎকাৰত কৰে যে ভৱিষ্যতে তেওঁলোকৰ যি সিদ্ধান্ত হ’ব পিতৃ মহেশ ভাট্ট তেওঁলোকৰ লগত সদায় আছে ৷ উল্লেখ্য যে আলিয়া ভাট্টে এই বৰ্ষৰ নৱবৰ্ষৰ পাৰ্টি নীতু সিং আৰু ঋষি কাপুৰৰ লগত চেলীব্ৰেট কৰে ৷
অন্য খবৰৰ বাবে পঢ়ক : বলীউডৰ এইসকল অভিনেত্ৰীৰ অভিনয়ে মন চুই গৈছে ৱেব চিৰিজত