বলীউডৰ নতুন ছবি আৰ্টিকল ১৫ ক লৈ প্ৰতিক্ৰিয়া উত্তৰ প্ৰদেশৰ ব্ৰাহ্মণসমাজৰ

বলীউডৰ নতুন ছবি আৰ্টিকল ১৫ ক লৈ প্ৰতিক্ৰিয়া উত্তৰ প্ৰদেশৰ ব্ৰাহ্মণসমাজৰ
Published on

বলীউডৰ অভিনেতা আয়ুস্মান খুৰানাৰ ছবি আৰ্টিকল ১৫ সম্প্ৰতি বিতৰ্কত সোমাই পৰিছে । অনুভৱ সিন্হাৰ আৰ্টিকল ১৫ ক লৈ সম্প্ৰতি উত্তৰ প্ৰদেশৰ ব্ৰাহ্মণ সমাজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ উত্তৰ প্ৰদেশৰ পৰশুৰাম সেনাৰ সদস্য কৌশল তিৱাৰীয়ে কয় যে যদি ঠাকুৰ আৰু ৰাজপুত সকলে পদ্মাৱত মুক্তি লাভ কৰাত প্ৰতিবন্ধকতা আৰোপ কৰিব পাৰে তেন্তে ব্ৰাহ্মণসকলে নিজৰ সন্মানৰ কাৰণদ এই ছবিখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব পাৰে।

ইয়াৰ কাৰণে আমি ছ’চিয়েল মিডিয়াত এটা গোট গঠন কৰিম। যেতিয়া ছবিখনৰ দৃশ্য গ্ৰহণ মাৰ্চ এপ্ৰিলত লক্ষ্ণৌত হৈ আছিল তেতিয়া ছবিখনৰ কাহিনী সম্বন্ধে আমি জ্ঞাত নাছিলো। সেই কাৰণে আমি ছবিখনৰ বিৰোধ কৰিব পৰা নাছিলো।

ইফালে আৰ্টিক’ল ১৫ ৰ ট্ৰেইলৰ মুক্তি লাভ কৰিছিল ৩০ মে’ত ৷ এই ছবি খনত আয়ুস্মাণ খুৰানাই আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে। বাদাউন ৰেপ কেছ আৰু ভাৰতীয় সংবিধানৰ সূচী ১৫ ক লৈ অনুভৱ সিন্হাই নিৰ্মাণ কৰিছে আৰ্টিক’ল ১৫ ৷ উল্লেখ যে ছবিখনৰ প্ৰায়ভাগ দৃশ্যগ্ৰহণ লক্ষ্ণৌত হৈছে। ছবিখনৰ কাহিনী ২০১৪ চনত দুগৰাকী ভগ্নীৰ কৰা ৰেপ আৰু ইয়াৰ পিছত হত্যা ওপৰত আধাৰিত ৷

বদায়ুৰ এখন গাঁৱত দুগৰাকী দলিত যুৱতীক গেংগ ৰেপ কৰি গছত ওলোমাই দিয়া হৈছিল। ইয়াৰ বিপৰীতে ২০১৪ চনৰ ডিচেম্বৰ মাহত চিবিআইয়ে এই ঘটনাটোক আত্মহত্যাৰ ঘটনা বুলি বন্ধ কৰি দিয়ে ৷ সম্প্ৰতি অনুসূচি ১৫ ৰ যথেষ্ট চৰ্চা লাভ কৰিছে অনুৰাগীসকলৰ মাজত।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com