দীপিকা পাডুকনৰ ছপাকৰ ট্ৰেইলৰ মুক্তি, ভিডিঅ'দেখি হ'ব আৱেগিক

দীপিকা পাডুকনৰ ছপাকৰ ট্ৰেইলৰ মুক্তি, ভিডিঅ'দেখি হ'ব আৱেগিক

দীপিকা পাডুকনৰ ছপাকৰ ট্ৰেইলৰ মুক্তি, ভিডিঅ'দেখি হ'ব আৱেগিক। দীপিকা পাডুকনৰ ছবি ছপাকৰ ট্ৰেইলৰ ইতিমধ্যে মুক্তি লাভ কৰিছে । যি দেখিলে আপুনিও হৈ পৰিব সম্পূৰ্ণ আৱেগিক। ২ মিনিট ১৯ ছেকেণ্ডৰ এই ট্ৰেইলৰত এগৰাকী এচিড আক্ৰমণৰ পীড়িত মহিলা দুখ দুৰ্দশা দেখুৱাই । এই ছবি খনৰ ঘটনাটো এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালাৰ ওপৰত ৰচিত । ছবি খনত লক্ষ্মীৰ জীৱন সংগ্ৰাম দেখুওৱা হ'ব য'ত লক্ষ্মীয়ে নিজৰ জীৱনত সন্মুখীন হ'ব লগীয়া সমস্যা সমূহ দেখুওৱা হ'ব । এবাৰ দেখা যায় যে নাক নাই কাণ নাই, কাণফুলি কেনেদৰে পিন্ধিব । এক দৃশ্যাংশত কয় যে যদি এচিড বিক্ৰী নহ'ল হয় তেতিয়া নেপেলালে হয় ।

এই ছবি খন লক্ষ্মী আগৰৱালাৰ জীৱনৰ ওপৰত আধাৰিত।‌ এই ছবি খনত জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে । দীপিকা পাডুকনে প্ৰথমবাৰৰ বাবে নিৰ্দেশক মেঘনা গুলজৰৰ লগত কাম কৰিছে ।

https://youtu.be/kXVf-KLyybk

দীপিকা পাডুকনৰ এই ছবি খনত মালতী নামৰ চৰিত্ৰত অভিনয় কৰিব। এই ছবি খনত দীপিকাই প্ৰযোজকৰ কাম কৰিও আছে । ছবি খনত বিক্ৰান্ত মৈছী অভিনয় কৰিব । বিক্ৰান্তে ছবি খনত এজন পত্ৰকাৰৰ চৰিত্ৰত অভিনয় কৰিব । বিক্ৰান্তে মালতী অৰ্থাৎ দীপিকাক ন্যায় লাভ কৰাত সহায় কৰিব । ছবি খন ২০২০ চনৰ ১০ জানুৱাৰী‌ তাৰিখে মুক্তি লাভ কৰিব ।

দীপিকা পাডুকন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। বলিউডৰ লগতে হলিউডতো নিজৰ অভিনয় প্ৰদৰ্শন কৰা দেখা যায়। দীপিকা পাডুকনে তেওঁৰ ব্যতিক্ৰমী অভিনয়েৰে দৰ্শকৰ মন জয় কৰা দেখা যায় । ৰাম লীলা , পন্মাৱত, য়ে জৱানি হে দিৱানী আদি বিভিন্ন ছবিত অভিনয় কৰি দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিছে । আগন্তুক বৰ্ষত আহিব লগীয়া ছপাক ছবি খনে দৰ্শকৰ কিমান খিনি জনপ্ৰিয়তা লাভ কৰে সেয়া হ'ব লক্ষনীয়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com