আজিৰে পৰা নেটফ্লিক্সত সম্প্ৰচাৰ "মণি হায়েষ্ট পাৰ্ট ৫ ভলিউম ২"

ছিৰিজ খনৰ পঞ্চম অধ্যায়ৰ দ্বিতীয় ভাগটি, অন্য বাকী কেইটা ভাগৰ দৰে উপলব্ধ কৰোৱা হৈছে হিন্দী, তামিল আৰু তেলেগু ভাষাত
আজিৰে পৰা নেটফ্লিক্সত সম্প্ৰচাৰ "মণি হায়েষ্ট পাৰ্ট ৫ ভলিউম ২"

আজি, ৩ ডিচেম্বৰ, ২০২১ তাৰিখে অন্ত পৰিব নেটফ্লিক্স যোগে সম্প্ৰচাৰ হোৱা স্পেইন ভাষী ৱেব ছিৰিজ, "লে কাছা ডে পাপেল", ইংৰাজীত, "মণি হায়েষ্ট"ৰ পঞ্চম ভাগৰ দ্বিতীয়টো অধ্যায়ৰ অপেক্ষা।

এই আমোদজনক তথা বিশেষ ছিৰিজ খনৰ নিৰ্মাতা সকলে অন্তিম খণ্ডটো মুকলি কৰিছে কেৱল অনলাইন প্লেটফৰ্ম নেটফ্লিক্সৰ যোগেদি। যাৰ বাবে ছিৰিজ খন উপভোগ কৰিবৰ হেতু দৰ্শকে পৰিশোধ কৰিব লাগিব এক পৰ্যাপ্ত মূল্য।

ছিৰিজ খনৰ পঞ্চম অধ্যায়ৰ দ্বিতীয় ভাগটি, অন্য বাকী কেইটা ভাগৰ দৰে ইংৰাজী ভাষাৰ লগতে উপলব্ধ কৰোৱা হৈছে হিন্দী, তামিল আৰু তেলেগু ভাষাত।

মণি হায়েষ্টৰ অন্তিম খণ্ডটো মুকলি কৰা হৈছে, নেটফ্লিক্সৰ মুখ্য কাৰ্যালয়ৰ সময়ৰ উপৰত ভিত্তি কৰি ১২:৩০পেচিফিক টাইম অনুসৰি, আৰু ভাৰতীয় সময়ৰ মতে এই ছিৰিজে মুক্তি লাভ কৰিছে আজি দিনৰ ১:৩০বজাত। ছিৰিজ খনৰ পঞ্চম খণ্ডটোৰ প্ৰথম ভাগ মুকলি কৰা হৈছিল এই বছৰৰ ছেপ্টেম্বৰ মাহত।

এই ছিৰিজৰ ৫টি খণ্ডত অভিনয় কৰিছে বহু কেইজন প্ৰতিষ্ঠিত অভিনেতাই। উৰ্চুলা কৰ্বেৰোই ৰূপায়ন কৰিছে টকিঅ'ৰ চৰিত্ৰ; আলভাৰো মৰ্টে প্ৰফেছাৰৰ চৰিত্ৰ; চিলেন অলিভেইৰা, এগৰাকী আৰক্ষী বিষয়া, যি পৰবৰ্তী সময়ত ৰূপান্তৰিত হয় এগৰাকী ডকাইতলৈ; ৰাকেল মুৰিল্লো, এগৰাকী নেচনেল পুলিচ ট্ৰুপচ বিষয়া; পেড্ৰ এলনছো বাৰ্লিনৰ চৰিত্ৰত; ফাৰ্নেণডো কায়' কৰ্ণল তমায়োৰ চৰিত্ৰত; মিগুয়েল হেৰান পুনৰ এবাৰ উভতি আহিছে টকিঅ' ৰ প্ৰেমিক ৰূপে যাৰ চৰিত্ৰৰ নাম এনিবেল কাৰ্তেছ আৰু বহুতো।

নিৰ্মাতা সকলে শ্বেয়াৰ কৰা শেষ খণ্ডটোৰ কিছু দৃষ্টল্যত দেখিবলৈ পোৱা গৈছিল, প্ৰফেছাৰক কথোপকথনৰ পৰা ৰহস্যজনক ভাৱে আঁতৰি থকা, বিল্ডিঙৰ চাৰিও দিশে বিয়পি পৰা আৰক্ষী কৰ্মী, আৰু ডকাইত সকলৰ সেই স্থানক পৰা পলাই যোৱাক লৈ কাজিয়া, আৰু তেওঁলোকৰ লগত থকা সোণ খিনিক লৈ চিন্তা।

পঞ্চম খণ্ডৰ প্ৰথম অধ্যায় শেষ হৈছিল টকিঅ' ৰ নিশেষ আৰু প্ৰফেছাৰৰ লগতে, আন সদস্য সকলৰ উশাহ বন্ধ হৈ যোৱা যেন অনুভৱ হোৱা সিহৰণকাৰী দৃশ্যত।

ডকাইতৰ দলটি সুকলমে বাহিৰলৈ ওলাব পাৰিব নে? আৰু এনে ধৰণৰ বহু প্ৰশ্নৰ উত্তৰ দিব আজি মুক্তি পোৱা এই অন্তিম খণ্ডটিয়ে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com