টিক টকত ভিডিঅ কৰি চৰ্চিত বলীউডৰ ভাইজান ছলমান খান

টিক টকত ভিডিঅ কৰি চৰ্চিত বলীউডৰ ভাইজান ছলমান খান

টিক টকৰ ভিডিঅ’ত শেহতীয়াকৈ দেখা গ’ল ছলমান খানক ৷ বলীউডৰ অভিনেতা ছলমান খানক টিক টক ভিডিঅ’ত দেখাৰ লগে লগে অনুৰাগীসকলৰ মাজত দেখা গৈছে বিশেষ চৰ্চা ৷ অৱশ্যে ন’হবনো কিয় কাৰণ বলীউডত টিক টক কৰা চেলীব্ৰেটীৰ সংখ্যা কম নহয়। আৰু সম্প্ৰতি টিকটক প্ৰেমীসকলৰ মাজত জনপ্ৰিয় হৈছে বলীউডৰ চেলীব্ৰেটীৰ দৰে,একেই দেখা টিক টক কৰা এটা চাইনীজ ভিডিঅ’ এপ ৷

ইয়াৰ মাজতে গৰীব’ কা ৰনৱীৰ সিং,ফৰ্জী অজয় দেৱগন আৰু কাজলৰ দৰে ষ্টাৰৰ টিক টক কৰা ভিডিঅ’ এপে সকলোতে সম্প্ৰতি চৰ্চা লাভ কৰিছে ৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াত লাভ কৰা ছলমান খানৰ টিক টক এপটোৱে বাতৰিৰ শিৰোনামা দখল কৰিছে ৷ বলীউডৰ দাবাং ছলমান খান আৰু টিক টক ছলমান খান সচাঁকৈয়ে চৰ্চিত হোৱা যোগ্য ৷ কাৰণ দুয়োজন দেখাত প্ৰায় একে।

আলী গুল খান নামৰ এজন লোকে টুইটাৰ যোগে নাজিম খান নামৰ এজন লোকৰ টিক টক ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷আশ্চয্যজনক ভাৱে আলী গুল খানে শ্বেয়াৰ কৰা ভিডিঅ’টিত দেখা নাজিম খান নামৰ লোকজন আৰু ছলমান খান দেখাত প্ৰায় একে ৷ ভিডিঅ’টিত নাজিমে পৰিধান কৰা টি চাৰ্টটোত বিং হিউমেন বুলি লিখা আছে ।বিং হিউমেন হৈছে ছলমান খানৰ জনপ্ৰিয় বেণ্ড ৷ নাজিম খানে ভাৰত ছবিৰ অভিনেতা ছলমান খানৰ আও ভাওৱে টিক টক ভিডিঅ’টি নিৰ্মাণ কৰিছে কাৰণেই সকলোতে চৰ্চিত পৰিছে ৷ আৰু এই সন্দৰ্ভত টুইটাৰট প্ৰায় সংখ্যক লোকে ভিডিঅ’টি শ্বেয়াৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

টিক টক ভিডিঅ’ নিৰ্মাণ কৰি ষ্টাৰ হোৱা উদাহৰণ আমাৰ সমাজত বহু আছে ৷ অৱশ্যে সমাজত বুলি ক’লে ভূল হ’ব ৷ আমাৰ দেশত টিক টক ভিডিঅ’ নিৰ্মাণ কৰি জনপ্ৰিয় হোৱাৰ উদাহৰণ আছে বহুতো ৷ বিভিন্ন অভিনেতা অভিনেত্ৰীৰ সংলাপ অথবা গীত লৈ নিজাববীয়াকৈ পৰিবেশন কৰি ছ’চিয়েল মিডিয়াত সকলোৰে মাজত শ্বেয়াৰ কৰে। আৰু এনেদৰে সকলোৰে মাজত জনপ্ৰিয় হয় টিক টক প্ৰেমীসকল ৷ আৰু তেওঁলোকৰ অনুৰাগীও যথেষ্ট পৰিমাণে বৃদ্ধি হয় ৷

আনহাতে বিগত সময়ত বলীউডৰ অভিনেতা ছলমান খান চৰ্চিত হৈছিল ভাৰত ছবিব কাৰণে ৷ ভাৰত ছবিত প্ৰিয়াংকা চোপ্ৰা আৰু কেটৰীনা কাইফক লোৱাৰ প্ৰসংগই সকলোৰে মাজত চৰ্চা লাভ কৰিছিল। লগতে ছলমানে প্ৰিয়াংকাক ভাৰত ছবিত অভিনয় নকৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছিল ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:264th Bokakhesa-Bhouna organized in Jamugurihat | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com