মিথালী ৰাজৰ বায়োপিকত অভিনয় কৰিব জনপ্ৰিয় অভিনেত্ৰী তাপছী পন্নুয়ে

মিথালী ৰাজৰ বায়োপিকত অভিনয় কৰিব জনপ্ৰিয় অভিনেত্ৰী তাপছী পন্নুয়ে
Published on

মিথালী ৰাজৰ বায়োপিকত অভিনয় কৰিব জনপ্ৰিয় অভিনেত্ৰী তাপছী পন্নুয়ে । বিভিন্ন সময়ত তাপচী পন্নুক বিভিন্ন ব্যতিক্ৰমী ছবিত দেখা পোৱা যায় । তাপচী পন্নুৰ এই সময়ত বহু ডাঙৰ ডাঙৰ ছবিৰ বাবে প্ৰস্তাৱ আহিছে । বৰ্তমান সময়ত তাপচী পন্নুই অনুভৱ সিন্হাৰ ছবি থপ্পড় ৰ কামত ব্যস্ত আছে। তাৰ মাজতেই তাপচী পান্নুলৈ দুখন খেলৰ বায়োপিকৰ প্ৰস্তাৱ আহিছে । ইতিমধ্যে ঘোষনা হৈছে যে তাপচী পান্নুয়ে গুজৰাটৰ এথলিট ৰশ্মিৰ বায়োপিকত কাম কৰি আছে । লগতে তেওঁৰ আন এখন নতুন ছবিৰ ঘোষনাও হৈছে ।

https://twitter.com/taran_adarsh/status/1201712182884323328

ক্ৰিকেটাৰ মিথালী ৰাজৰ চৰিত্ৰত অভিনয় কৰিব তাপচী পান্নুয়ে। তৰণ আদৰ্শই টুইট কৰি কৈছে যে তাপচী পান্নু ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিথালী ৰাজৰ বায়োপিকত কাম কৰিব। এয়া সকলোৰে জ্ঞাত যে তাপচী পান্নুৰ খেল বহু প্ৰিয় । তৰণ আদৰ্শই তাপচী পান্নু , মিথালী ৰাজ, আৰু নিৰ্দেশক ৰাহুল ঢোলকিয়াৰ ফটো শ্বেয়াৰ কৰি লিখিছে যে এয়া অফিচিয়েল ভাৱে হৈ গ'ল যে তাপচী পান্নুয়ে লিজেন্ড মিথালী ৰাজৰ চৰিত্ৰত অভিনয় কৰিব । লগতে এই ছবি খনৰ নাম " ছাবাশ মিঠু " হ'ব ।‌ এই ছবি খনৰ নিৰ্দেশনা ৰাহুল ঢোকলিয়া আৰু প্ৰযোজনা কৰিব Viacom18 ষ্টুডিঅ'।

https://www.instagram.com/p/B5mEVCRJF3W/?utm_source=ig_web_copy_link

তদুপৰি তাপচী পান্নুয়ে মিথালী ৰাজৰ জন্মদিনৰ উপস্থিত থাকি জন্মদিন উদযাপন কৰে । তাপচী পান্নুয়ে মিথালী ৰাজৰ জন্মদিনৰ ফটো পোষ্ট কৰি লিখে যে, " জন্মদিনৰ শুভেচ্ছা জনালোঁ মিতালী ৰাজ। আপুনি আমাক সকলোকে বহু কথায়েই শিকাইছে আৰু এয়া মোৰ বাবে সৌভাগ্য যে আপোনাৰ পৰিক্ৰমা পৰ্দাত দেখুৱাবলৈ সুযোগ লাভ কৰিছো । মই নাজানো যে আপোনাৰ জন্মদিনত কি উপহাৰ দিম , কিন্তু আপোনাক কথা দিছো যে আপোনাক গৰ্বিত কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম" ।‌লগতে তাপচী পান্নুয়ে লিখে যে তেওঁ মিথালী ৰাজৰ কাভাৰ ড্ৰাইভ শিকিব বিচাৰে ।

মিথালী ৰাজ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এগৰাকী শীৰ্ষ খেলুৱৈৰ ভিতৰত এজন। তেওঁ ভাৰতীয় দলৰ বাবে সকলোতকৈ বেছি ৰাণ কৰিছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক: 4 dead in a head-on collision between truck and car in Tezpur

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com