'টেজাচ' ৰ পোষ্টাৰ মুকলি; বায়ু সেনাৰ পায়লটৰ ৰূপত দেখা যাব কংগণা ৰাণাৱতক

'টেজাচ' ৰ পোষ্টাৰ মুকলি; বায়ু সেনাৰ পায়লটৰ ৰূপত দেখা যাব কংগণা ৰাণাৱতক

'টেজাচ' ৰ পোষ্টাৰ মুকলি; বায়ু সেনাৰ পায়লটৰ ৰূপত দেখা যাব কংগণা ৰাণাৱতক । বলিউডৰ অন্যতম অভিনেত্ৰী কংগনা ৰাণাৱট। বিশিষ্ট অভিনেত্ৰী কংগনা ৰাণাৱটক দেখা যাব আন এক ব্যতিক্ৰমী চৰিত্ৰত । তেওঁৰ ব্যতিক্ৰমী চৰিত্ৰৰে আকৌ এবাৰ দৰ্শকৰ মাজত আলোড়নৰ সৃষ্টি কৰিবলৈ সাজু কংগনা ৰাণাৱট।

কংগনা ৰাণাৱটৰ‌ আহিবলগীয়া ছবি টেজচৰ প্ৰথম দৃশ্য ইতিমধ্যে প্ৰকাশ পাইছে । ছবি খনৰ প্ৰথম দৃশ্য প্ৰকাশ পোৱাৰ লগে লগেই ই তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত।

https://www.instagram.com/p/B8pzIwjB-Lv/?utm_source=ig_web_copy_link

প্ৰথম বাৰৰ বাবে কংগনা ৰাণাৱটক টেজছ নামৰ ছবি খনত এগৰাকী বায়ু সেনাৰ পায়লটৰ চৰিত্ৰত দেখা পোৱা যাব। এই ছবি খনৰ নিৰ্দেশনা কৰিছে সাৰ্বেশ মেৱড়াই । লগতে ছবি খনৰ প্ৰযোজনা কৰিছে ৰণী স্ক্ৰিউৱালাই । চাওক ছবি খনৰ ফটো -

আহিবলগীয়া ছবি টেজচৰ প্ৰথম ফটো খনৰ কথা কব গ'লে ফটো খনত কংগনা ৰাণাৱটক এগৰাকী বায়ুসেনাৰ পায়লটৰ ৰূপত দেখা গৈছে। ছবি খনত অভিনেত্ৰী গৰাকীক হাতত হেলমেট লৈ থকা গৈছে । দেখা গৈছে অভিনেত্ৰী গৰাকীৰ মুখত আত্মবিশ্বাস। ফটো খনত কংগনা ৰাণাৱটৰ‌ পিছফালে এখন জেট ফাইটাৰ প্লেন অৰ্থাৎ যুদ্ধ বিমান দেখা গৈছে।

কংগনা ৰাণাৱট টিমে এই ফটোখন ইন্চটাগ্ৰামত প্ৰচাৰ কৰিছে । ফটো খনৰ তলত লিখিছে যে , " ইউনিফৰ্মত সাহসী আৰু শক্তিশালী মহিলাই দিন‌‌ ৰাতি কাম কৰি দেশৰ বাবে নিজৰ জীৱন উচৰ্গা কৰে । কংগনাই তেওঁৰ আহিবলগীয়া ছবিত বায়ুসেনাৰ পায়লটৰ চৰিত্ৰত অভিনয় কৰিব '' ।

উল্লেখযোগ্য যে কংগনা ৰাণাৱটৰ‌ আহিবলগীয়া ছবি টেজাচে মুক্তি লাভ কৰিব ২০২০ চনৰ এপ্ৰিল মাহত। অৱশ্যে মুক্তিৰ তাৰিখ এতিয়াও ঘোষনা কৰা হোৱা নাই ।

এই ছবি সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কংগনা ৰাণাৱটে কয় যে , "বহু সময়ত দেশৰ বাবে দিয়া বলিদানৰ ওপৰত গুৰুত্ব দিয়া নহয় । টেজাচ এখন এনেকুৱা ছবি হয় য'ত মই বায়ুসেনাৰ এগৰাকী এনেকুৱা পায়লটৰ ভূমিকা পালন কৰিম যিয়ে নিজৰ জীৱনতকৈ দেশক আগত ৰাখে । মই আশা কৰো যে ছবি খনৰ দ্বাৰা যুৱ প্ৰজন্মৰ মাজত দেশভক্তি আৰু গৌৰৱৰ অনুভৱ জাগ্ৰত কৰিব পাৰিম । মই সৰ্বেশ আৰু ৰণীৰ লগত যাত্ৰা আৰম্ভ কৰিছো " ।

এই ছবি খনৰ পূৰ্বে কংগনা ৰাণাৱটৰ খেলৰ ছবি পাংগা মুক্তি লাভ কৰিব। এই ছবি খনত কংগনা ৰাণাৱটৰ লগত দেখিবলৈ পোৱা যাব ৰিছা ছড্ডা, নেনা গুপ্তাৰ, জেছী গীল আৰু বহুতো জনপ্ৰিয় অভিনেতা অভিনেত্ৰী।

ভিডিঅ প্ৰতক্ষ্য কৰক : Rhino strayed out from Kaziranga, creates panic amongst locals in Biswanath

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com