জোতা চোৰ কৰা পৰম্পৰাত পৰিনীতিয়ে নিকৰ পৰা দাবী কৰে ৩৭ কোটি টকা

Published on: 

অহা ২ ডিচেম্বৰত সম্পন্ন হব অতিকৈ চৰ্চিত অৱস্থাত থকা বলীউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু পপ গায়ক নিক জনচৰ বিয়া। ৩ দিনীয়া কাৰ্যসূচীৰে যোধপুৰৰ ওমেদ পেলেচত অনুষ্ঠিত হ'ব বিবাহৰ ভিন্ন অনুষ্ঠান সমূহ ।

বিয়াৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ততা বাঢ়িছে প্ৰিয়ংকা আৰু নিকৰ লগতে আত্মীয় তথা পৰিয়ালৰ সদস্য সকলৰো ।এই ক্ষেত্ৰত ব্যতিক্ৰম ন'হল কইনা প্ৰিয়ংকাৰ ভগ্নী পৰিনিতী চোপ্ৰা।

বিয়াৰ এক পৰম্পৰা অনুসৰি দৰাই পিন্ধি অহা জোতা বা চেণ্ডেল চুৰ কৰি ভিন্ন উপহাৰ নাইবা বস্তুৰ দাবী কৰে কইনা ঘৰীয়াৰ লোকে বিশেষ ভাৱে কইনা জনীৰ ভনীয়েকে । এক সাক্ষাৎকাৰত পৰিনিতীয়ে মত প্ৰকাশ কৰি কয় যে,ঠিক তেনেদৰেই প্ৰিয়ংকাৰ ভগ্নী পৰিনিতীয়েও নিকৰ জোতা চুৰ কৰি নিকক দাবী কৰিব ৩৭ কোটি টকা।

কিন্তু নিক জনাচে খুলশালী পৰিনিতীক জোতা চুৰিৰ বিনিময়ত ৩৭ কোটি নহয় ৭৪ কোটি দিয়াৰ হে প্ৰতিশ্ৰুতি প্ৰদান কৰে । উল্লেখযোগ্য যে, হলীউডৰ অভিনেতা তথা পপ গায়ক নিক জনাচৰ বাৰ্ষিক আয় প্ৰায় ১৭১ কোটি টকা। সমুহীয়াভাৱে প্ৰিয়ংকা আৰু নিকৰ বাৰ্ষিক আয় প্ৰায় ২৩৫ কোটি টকা। তেনে পৰিপ্ৰেক্ষিতত নিকে নিজৰ প্ৰতিশ্ৰুতি ৰাখিব বুলিও মন্তব্য কৰে পৰিনিতীয়ে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com