বিয়াৰ পিছত পুনৰ বাৰ ৰনবীৰৰ লগত হাত আগবঢ়াব দিপীকা পাডুকনে

বিয়াৰ পিছত পুনৰ বাৰ ৰনবীৰৰ লগত হাত আগবঢ়াব দিপীকা পাডুকনে
Published on

দিপীকা পাডুকন আৰু ৰনবীৰ কাপুৰ পূৰ্বতে প্ৰেমিক-প্ৰেমিকাৰ সম্পৰ্কত থকা কথাটো আমি সকলোৱে জানো । দুয়োৰে মাজত থকা প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ হোৱাৰ পিছতো এই দুয়ো গৰাকী তাৰকাই নিজৰ কেৰিয়াৰ তথা অভিনয় জীৱন অতি সুন্দৰ ভাৱে আগবঢ়াই নিছে লগতে অতি ব্লকবাষ্টাৰ ছবিও ৰাইজৰ মাজত প্ৰদান কৰিবলৈ সক্ষম হৈছে । দিপীকা আৰু ৰনবীৰ কাপুৰৰ সম্পৰ্ক বিচ্ছেদ(ব্ৰেকআপ) হোৱাৰ পিছতো কোনো সাৰ্বজনীন ঠাইত লগ হ'লে দুয়োৱে বন্ধুসুলভ সম্পৰ্ক বজাই ৰাখি মাত-বোল কৰে ।

যোৱা কিছুদিন পূৰ্বে কৰন জহৰৰ সৈতে এখন ব্লকবাষ্টাৰ ফটোত দুয়োকে একেলগে দেখা পোৱা গৈছিল । যিখন ফটো কৰন জহৰে এটি কেপছনৰ সৈতে নিজে প্ৰকাশ কৰিছিল । ফটো খনত ৰনবীৰ কাপুৰ আৰু দিপীকাৰ লগতে ৰনবীৰ সিং আৰু আলিয়া ভট্টকো দেখা পোৱা গৈছিল।

ৰনবীৰ সিং আৰু ৰনবীৰ কাপুৰ দুয়ো ভাল বন্ধু । কেৱল এইয়াই নহয় দিপীকা আৰু ৰনবীৰ কাপুৰে ডিজাইনাৰ মনিষ মলহোত্ৰাৰ কাৰনে ৰেম্পতো একেলগে খোজ দিছিল । এই কথাত সমগ্ৰ জগতে চকু দিছিল । কিন্তু দিপীকা আৰু ৰনবীৰ কাপুৰে এই ৰেম্প ৱৰ্কটো অতি সন্মান আৰু আদৰৰে সম্পূৰ্ন কৰিছিল । তাৰ পিছত কিছু মাহলৈ তেওঁলোকৰ এই খবৰটো বহু চৰ্চাৰ মাজত আছিল ।

বৰ্তমান সময়ত জানিব পৰা গৈছে যে,তেওঁলোক দুয়োৰে মাজত থকা এই সম্পৰ্ক পিছলৈও বৰ্তি থাকিব । এওঁলোক দুয়োজনকে পুনৰ বাৰ একেলগে দেখা পোৱা যাব বুলি খবৰ পোৱা গৈছে । যদি আপোনালোকে ভাবিছে দুয়োকে কোনো ছবিত একেলগে অভিনয় কৰা দেখা যাব তেন্তে এইয়া সম্পূৰ্ন মিছা । যিহওঁক দুয়ো কোনো ছবিৰ বাবে ন'হলেও কোনো জনপ্ৰিয় ব্ৰেণ্ডৰ বাবে একেলগে কাম কৰা দেখা পোৱা যাব বুলি জানিব পৰা গৈছে ।

ইয়াৰ বাবে দিপীকাই বিয়াৰ পিছতহে একেলগে কাম কৰিব । তথ্যানুসৰি,দিপীকাই কোনো ব্ৰেণ্ডৰ সৈতে কাম কৰাৰ কথাটো বহু আগৰ পৰা আলোচনা হৈ আছিল আৰু ডিলটো ফাইনেল অৰ্থাৎ চূড়ান্ত সিদ্ধান্ত কৰাৰ পূৰ্বে গম পাই যে ৰনবীৰ কাপুৰও এই ব্ৰেণ্ডৰ কামৰ সৈতে জড়িথ থাকিব । আৰু কথা গম পাই দিপীকাৰ লগতে তেওঁৰ অনুৰাগী সকলেও অতি উৎসাহিত হৈ পৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com