২০১৯ ৰ লোকসভা নিৰ্বাচনৰ ফলাফলত প্ৰতিক্ৰিয়া বলীউডৰ অভিনেতা-অভিনেত্ৰীসকলৰ

২০১৯ ৰ লোকসভা নিৰ্বাচনৰ ফলাফলত প্ৰতিক্ৰিয়া বলীউডৰ অভিনেতা-অভিনেত্ৰীসকলৰ
Published on

২০১৯ ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে জয় লাভ কৰাৰ পিছত বলীউডৰ ষ্টাৰ ছুপাৰষ্টাৰসকলে ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৷ সম্প্ৰতি সংবাদমাধ্যমৰ যোগেৰে বিভিন্ন জনে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ পিছ পৰি ৰোৱা নাই বলীউডৰ ষ্টাৰ সকল ৷পৰেশ ৰাৱলৰ পৰা ৰজনীকান্ত,অজয় দেৱগন,বিবেক অৱৰয়,ৰবীনা টেণ্ডন,ৰিতেশ দেশমুখ সকলোৱে লোকসভা নিৰ্বাচনৰ ফলাফলৰ ক্ষেত্ৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

এই ক্ষেত্ৰত বলীউডৰ অভিনেতা অজয় দেৱগনে টুইট কৰে যে দেশৰ জনতাই তেওঁলোকৰ কাৰণে কি ভাল সেই সম্পৰ্কে জানে ৷

https://twitter.com/ajaydevgn/status/1131506288683130885

দক্ষিন ভাৰতৰ জনপ্ৰিয় অভিনেতা ৰজনীকান্তে কয় যে আদৰণীয় আৰু প্ৰিয় নৰেন্দ্ৰ মোডী ৷আপোনাক বহুত বহুত ধন্যবাদ ৷আপুনি কৰি দেখুৱালে ৷ ভগৱানে আপোনাক সহায় কৰক৷

https://twitter.com/rajinikanth/status/1131479602000408576

পৰেশ ৰাৱলে কয় যে কাউৰীয়ে চকীদাৰ চোৰ বুলি ক’বলৈ গৈ ময়ূৰ হ’ব বিছাৰিছিল ৷ কিন্তু বিপৰীত হ’ল ৷

https://twitter.com/SirPareshRawal/status/1131469776843366400

অভিনেতা ৰিতেশ দেশমুখে কয় যে ভাৰতবাসীয়ে সিদ্ধান্ত ল’লে যে গণতন্ত্ৰৰ উৎসৱ উদযাপন কৰিব লাগে ৷ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এই ঐতিহাসিক জয়ৰ কাৰণে বহুত শুভেচ্ছা ৷

https://twitter.com/Riteishd/status/1131430261541879820

অনুপম খেৰে টুইট কৰে যে প্ৰজাতন্ত্ৰৰ এই উৎসৱত ভাৰতৰ ভৱিষ্যত উজ্জ্বল হ’ব ৷

https://twitter.com/AnupamPKher/status/1131388727106969601

চেতন ভগতে কয় যে ভাৰতে স্পষ্টকৈ নিজৰ সিদ্ধান্ত প্ৰকাশ কৰিলে ৷

https://twitter.com/chetan_bhagat/status/1131424904048304128

সৰু পৰ্দাৰ ধাৰাবাহিকৰ কুইন একতা কাপুৰে কয় যে নিৰ্বাচনী ফলাফল প্ৰকাশ পালে ৷ভাৰতে অনাগত পাঁচ বছৰৰ কাৰণে নিজৰ নেতা নিৰ্বাচিত কৰিলে। জয় হিন্দ।

https://twitter.com/ektaravikapoor/status/1131475924287983616

ধৰ্মেন্দ্ৰই হেমা মালিনীক শুভেচ্ছা জ্ঞাপন কৰি প্ৰকাশ কৰে যে অলেখ শুভেচ্ছা হেমা ৷ আমি আমাৰ মাতৃভূমিক ভাল পাঁও।

https://twitter.com/aapkadharam/status/1131469837199335424

অভিষেক বচ্ছনেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক শুভেচ্ছা জ্ঞাপন কৰে ৷

https://twitter.com/juniorbachchan/status/1131489423797829632

গতিকে দেখা গ’ল বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মনোৰঞ্জন জগতৰ লগত জড়িত লোকসকলেও শুভেচ্ছা জ্ঞাপন কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com