চেলফি তুলিবলৈ গৈ ইন্দ্ৰায়নি নদীত উটি গ'ল ১৮ বছৰীয়া যুৱক

চেলফি তুলিবলৈ গৈ ইন্দ্ৰায়নি নদীত উটি গ'ল ১৮ বছৰীয়া যুৱক
Published on: 

সকলোৱে নিজৰ মূহুৰ্ত সমূহ চেলফি অথবা ফটোৰে ধৰি ৰাখিবলৈ চেষ্টা কৰে। নতুন স্থান, সুন্দৰ স্থানলৈ গলে সকলোৱে ফটো তুলো । চেলফি বৰ্তমান সময়ত যেন অপৰিহাৰ্য হৈ পৰিছে নৱ প্ৰজন্মৰ বাবে । কিন্তু চেলফি বহুতো সময়ত বহু জনৰ বাবে বিপদজনক ৰূপেও পৰিলক্ষিত হৈছে । চেলফি তুলিবলৈ গৈ বৰ্তমানলৈকে বহুতো যুৱক যুবতী মৃত্যু মুখত পৰিছে ।

পুনৰ তেনে এক ঘটনা সংঘটিত হৈছে পুনেত । শনিবাৰে পুৱা কুন্দমালাৰ চেলফি তুলিবলৈ গৈ ইন্দ্ৰায়নি নদীত উটি যায় এজন ১৮ বছৰীয়া যুৱক । এই ১৮ বছৰীয়া যুৱক জনৰ নাম সৌৰভ কালগে বুলি চিনাক্ত কৰিছে ।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, সৌৰভ কালগে আৰু তেওঁৰ দুজন বন্ধুয়ে পুৱা ৮ বজাত ফুৰিবলৈ গৈছিল ইন্দ্ৰায়নি নদীৰ ওচৰত যুৱক জনে চেলফি তুলিবলৈ যাওঁতেই ভৰি পিছলি নদীত পৰি উটি যায় যুৱক জন ।

আৰক্ষীয়ে প্ৰকাশ কৰে যে, " আমি যুৱক জনৰ দেহ উদ্ধাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে । মাছমৰীয়া আৰু এচ ডি আৰ এফ আৰু এন ডি আৰ এফে অভিযান অব্যাহত ৰাখিছে। বৰ্তমানলৈকে যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

প্ৰতক্ষ্য দৰ্শীয়ে প্ৰকাশ কৰা মতে , যুৱক জনে ইন্দ্ৰায়নি নদীৰ সৈতে চেলফি তুলিবলৈ যাওঁতেই নদীৰ কোৱাল সোতে উটোৱাই লৈ যায় যুৱক জনক। যুৱক জনৰ লগতে তেওঁৰ বন্ধু কেইজনৰ ঘৰ চাকানত ।চেলফি তুলিবলৈ গৈ মৃত্যুক সাবতি লব লগা ঘটনা পূৰ্বতেও বহু বাৰ সংঘটিত হৈছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com