ক'ৰ'না যুঁজৰ মাজতে অথন্তৰঃ জে এম চি এইচৰ দুগৰাকী চিকিত্সকৰ পদত্যাগ

পদত্যাগী অধ্যাপক দুগৰাকীয়ে কয় যে বৰ্ধিত কৰ্ম-সময়ত কৰ্তব্য পালন কৰাটো তেওঁলোকৰ বাবে অসম্ভৱ হৈ পৰে ।
ক'ৰ'না যুঁজৰ মাজতে অথন্তৰঃ জে এম চি এইচৰ দুগৰাকী চিকিত্সকৰ পদত্যাগ

ৰাজ্যত ক'ৰ'নাবিৰোধী যুঁজ চলি থকাৰ মাজতে অথন্তৰ জন্মিল। যোৰহাট মেডিকেল কলেজ হাস্পতালৰ দুগৰাকী চিকিত্সক তথা অধ্যাপকে চাকৰি ইস্তফা দিছে। প্ৰাপ্ত তথ্য অনুসৰি কামৰ অতিৰিক্ত হেঁচা সহ্য কৰিব নোৱাৰি চিকিত্সক দুগৰাকীয়ে পদত্যাগ কৰিছে। পদত্যাগী চিকিত্সক দুগৰাকী হৈছে ডাঃ শংকৰজ্যোতি পৰাশৰ আৰু প্ৰিয়ংকা চাংমাই। দুয়োগৰাকী সহকাৰী অধ্যাপক। কৰ্ম-সময় বৃদ্ধি কৰাৰ বাবে তেওঁলোকে পদত্যাগ কৰা বুলি প্ৰকাশ কৰিছে।

ক'ৰ'না মহামাৰীৰ  পৰিপ্ৰেক্ষিতত চিকিত্সক, নাৰ্ছ আদিৰ কৰ্ম সময় বৃদ্ধি পাইছে।  অধ্যাপক দুগৰাকীয়ে কয় যে বৰ্ধিত কৰ্ম-সময়ত কৰ্তব্য পালন কৰাটো তেওঁলোকৰ বাবে অসম্ভৱ হৈ পৰে । তদুপৰি সকলো সময়তে ক'ৰ'না ৰোগীক চিকিত্সা প্ৰদান কৰি থকাটো অসম্ভৱ হৈ পৰে বুলি চিকিত্সক দুগৰাকীয়ে প্ৰকাশ কৰিছে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com