আচৰিত:এখন অটোৰিক্সাত ২৪ জনঃ ভিডিঅ’ ভাইৰেল

আচৰিত:এখন অটোৰিক্সাত ২৪ জনঃ ভিডিঅ’ ভাইৰেল

এখন অটোৰিক্সাত বাৰু কিমান জন মানুহ উঠিব পাৰে ৷ হয়তো পাঁচজন বা দহ জন ৷কিন্তু আপোনাক আচৰিত কৰি তেলেংগনাত এখন অটোৰিক্সাত যাত্ৰী উঠিছে ২৪ জন ৷ হয়,সম্প্ৰতি ২৪ জন উঠা আটোৰিক্সাখনৰ ভিডিঅ’ সম্প্ৰতি সকলোতে ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে ৷ তেলেংগনাৰ ভংগীৰ চহৰত এখন অট’ৰিক্সাৰ পৰা একেলগে শিশু মহিলাসহ প্ৰায় ২৪ জনক একেলগে নামি অহা দেখা গৈছে ৷

ইফালে এজন লোকে এই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে যে, কিমান জন যাত্ৰী আহিছে আপুনি অনুমান লগাব পাৰিছেনে? আনহাতে পাঁচ দহজন যাত্ৰীৰ ঠাইত ২৪ জন উঠোৱা অটো ৰিক্সাখনত মটৰ পৰিবহন বিধেয়ক ২০১৯ক উপেক্ষা কৰিছে। এতিয়া মন কৰিব লগা কথাটো হ’ল এনে ধৰণৰ ভিডিঅ’সমূহে আমাক হাঁহিৰ খোৰাক দিয়ে যদিও, এনেধৰণৰ বিষয়সমূহ হৈছে অত্যন্ত স্পৰ্শ কাতৰ ৷কাৰণ এনে ধৰণৰ অত্যাধিক মানুহ কঢ়িওৱাৰ ফলত বিভিন্ন দুৰ্ঘটনা সংঘটিত হয়।

২০১৭ চনৰ তথ্য অনুসৰি দেশত প্ৰায় ৪.৬৪,৯১০ টা পথ দুৰ্ঘটনা হৈছে ৷ য’ত ১৪৭,৯১৩ জন লোকৰ মৃত্যু হৈছে ৷ আৰু আহত হৈছে ৪,৭০,৯৭৫ জন লোক ৷মন কৰিব লগীয়া যে প্ৰত্যেক দিনে ১২৭৪ টা দুৰ্ঘটনাত ৪০৫ জন লোকৰ মৃত্যু হোৱাৰ পৰিৱৰ্তে ১২৯০ জন লোক আহত হৈছে। গতিকে ভাৰতত প্ৰত্যেক ঘন্টাত ১৬ জন লোকৰ মৃত্যু হৈছে ৷ আৰু ইয়াৰ বিপৰীতে আহত হৈছে ৫৩ জন লোক।

ভিডিঅ প্ৰতক্ষ্য কৰক:Wild elephants create havoc in the wee hours at Kathalguri, Bordumsa

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com