কৰ'না মহামাৰীৰ পাছত অধিক শক্তিশালী হ'ব চাৰিটা আই টি কোম্পানী!

বিবিচিয়ে ভৱিষ্যতবাণী কৰিছে যে কৰ'না ধুমুহাৰ পিছতে এনে কোম্পানীসমূহ অধিক শক্তিশালীহে হৈ পৰিব।
কৰ'না মহামাৰীৰ পাছত অধিক শক্তিশালী হ'ব চাৰিটা আই টি কোম্পানী!

কৰ'না মহামাৰীৰ পাছত অধিক শক্তিশালী হব পাঁচটা আই টি কোম্পানী!

কৰ'না মহামাৰীয়ে সাম্প্ৰতিক সৃষ্টি কৰা বিশ্বজোৰা আৰ্থিক মন্দাৱস্থাৰ ফলত বিশ্বৰ অধিকাংশ উদ্যোগ-প্ৰতিষ্ঠান বিপৰ্যস্ত হৈ পৰাৰ সময়তো মূৰ দাঙি আছে তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ কেইটামান বৃহৎ তথা বহুজাতিক প্ৰতিষ্ঠান। মূৰ দাঙি থকাই নহয়, বিবিচিয়ে ভৱিষ্যতবাণী কৰিছে যে কৰ'না ধুমুহাৰ পিছতে এনে কোম্পানীসমূহ অধিক শক্তিশালীহে হৈ পৰিব।

বিবিচিৰ এজন প্ৰযুক্তি সাংবাদিকৰ মতে, কৰ'না মহামাৰীৰ পাছত সমগ্ৰ বিশ্বতে এক নতুন ৰূপত দেখা পোৱাৰ সম্ভাৱনা থকা 'মহাৰজা' সদৃশ এই কোম্পানীকেইটা হৈছে গুগলৰ এল্ফাবেট, এপল, ফেচবুক আৰু এমাজন। এই কোম্পানীকেইটাক একেলগে 'GAFA' (গুগল, এপল, ফেচবুক আৰু এমাজন) গেং আখ্যা দিয়া হৈছে।

কেবাগৰাকী বিশেষজ্ঞৰ উধৃতিৰে কোৱা হৈছে যে কৰ'না ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়ত 'GAFA' গেং দুৰ্বল হোৱাৰ পৰিৱৰ্তে শক্তিশালীহে হৈছে। সেইমতে, মাৰ্চ মাহত গুগল আৰু ফেচবুক দুয়োটা কোম্পানীৰে বিজ্ঞাপন হ্ৰাস পাবলৈ আৰম্ভ কৰে। কিন্তু শ্বেয়াৰৰ মূল্য ক্ৰমাৎ বৃদ্ধি পায়। ইপিনে, গুগলৰ মুখ্য কাৰ্য়বাহী বিষয়া সুন্দৰ পিচাইয়ে জনোৱা মতে, বিজ্ঞাপনৰ পৰিমাণ পূৰ্বতকৈ কিছু হ্ৰাস পালেও ব্যৱহাৰৰ সংখ্যা কেবাগুণে বৃদ্ধি পাইছে। ফেচবুকৰ হৰ্তা-কৰ্তা জুকাৰবাৰ্গেও এপৰ ব্যৱহাৰকাৰী আৰু এংগেজমেণ্ট (ব্যৱহাৰৰ পৰিমাণ) বৃদ্ধি পোৱাৰ কথা সদৰী কৰিছে।

ব্যৱহাৰকাৰী আৰু ব্যৱহাৰৰ পৰিমাণ বৃদ্ধি পোৱা সন্দৰ্ভত জন্সে কৈছে যে ইয়াৰ অৰ্থ হৈছে সমগ্ৰ বিশ্বতে কোম্পানীকেইটাৰ আধিপত্য পূৰ্বতকৈও বৃদ্ধি পালে। তেওঁ আৰু কয় যে যি সময়ত কৰ'না মহামাৰীয়ে বাতৰি কাকত আৰু টিভি চেনেলৰ ব্যৱসায়লৈ খৰাং নমাই আনিছে সেই সময়তে গুগল আৰু ফেচবুকৰ বাবে খোল খাইছে এখন স্বৰ্ণ দুৱাৰ। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com