মেঘালয়ৰ পৰা ঘূৰাই পঠিয়ালে অসমৰ ৬ বাইকাৰ্ছক

কৰনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি আন্ত-ৰাজ্যিক যাতায়াত বন্ধ ৰখা হৈছে
মেঘালয়ৰ পৰা ঘূৰাই পঠিয়ালে অসমৰ ৬ বাইকাৰ্ছক

ক'ৰ'নাৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে মেঘালয়ত গা ঘেলাই ফুৰা অসমৰ ছজন বাইকাৰ্ছক চুবুৰীয়া ৰাজ্যখনে ঘূৰাই পঠিয়াইছে। কালি এই ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি মাৱাচিকাৰ অভিমুখে ৭০জন বাইকাৰ্ছ আৰু দুখন যাত্ৰা কৰি থকা বুলি মেঘালয় আৰক্ষীয়ে তথ্য লাভ কৰে।

ইয়াৰ সমান্তৰালভাবে গাঁওবাসীয়ে পথ বন্ধ কৰি এইসলৰ প্ৰৱেশত বাধা দিয়ে। এই কথা সদৰী কৰি মেঘালয় আৰক্ষীৰ সহকাৰী মহা পৰিদৰ্শক জি কে লাংগৰাইয়ে কয় যে আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত অসমৰ ছজন বাইকাৰ্ছক আটক কৰি অসমলৈ ঘূৰাই পঠিয়ায়।  উল্লেখ্য যে কৰনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি আন্ত-ৰাজ্যিক যাতায়াত বন্ধ ৰখা হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com