উত্তৰ প্ৰদেশত ভয়াবহ ঘটনা: দুটা ফৈদৰ সংঘৰ্ষত ৯ নিহত, ১৯ আহত

উত্তৰ প্ৰদেশত ভয়াবহ ঘটনা: দুটা ফৈদৰ সংঘৰ্ষত ৯ নিহত, ১৯ আহত

উত্তৰ প্ৰদেশত ভয়াবহ সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে । দুটা ফৈদৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষৰ ফলত ৯ জন নিহত হোৱাৰ লগতে ১৯ জন আহত হৈছে । বুধবাৰে উত্তৰ প্ৰদেশৰ সনোভদ্ৰা জিলাৰ ঘৰাৱালা চহৰত ভূমি বিবাদক কেন্দ্ৰ কৰি এই ভয়াবহ সংঘৰ্ষ সংঘটিত হয় । চাপাহি গাঁওত এই ঘটনা সংঘটিত হয় ।

এই ভয়াবহ ঘটনাৰ পাছত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ডিজিপিক ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, চাপাহি গাঁওৰ মুখ্য যোগ্য দত্ত আৰু তেওঁৰ সমৰ্থক সকলে ভূক্তভুগি সকললৈ গুলীচালনা কৰে। ভুমি বিবাদক কেন্দ্ৰ কৰি এই ঘটনাৰ সুত্ৰপাত হয় । দুটা ফৈদৰ সংঘৰ্ষত ৯ জন লোক নিহত হোৱাৰ লগতে ১৯ জন আহত হৈছে । নিহত ৯ জনৰ ভিতৰত ৩ গৰাকী মহিলাও আছে ।

এই ঘটনাত আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আহত সকলৰ কেইবা জনৰ অবস্থা সংকটজনক বুলি প্ৰকাশ কৰিছে ।

এই ঘটনাত আহত সকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লগতে ডিজিপিক নিৰ্দেশ দিয়ে যে, ব্যক্তিগত ভাৱে এই ঘটনাৰ তদন্ত কৰি দোষীক শীঘ্ৰেই আটক কৰিবলৈ ।

জিলা মেজিচট্ৰেত অংকিত কুমাৰ আগৰৱালায়ে প্ৰকাশ কৰিছে যে, " বৰ্তমান সঠিক ভাৱে কব পৰা নাযাব। ৯ জন ব্যক্তিক জিলা চিকিৎসালয়লৈ পঠিওৱা হৈছে । তেওঁলোকৰ কেইজন মানৰ অবস্থা সংকটজনক আৰু কেইজন মান নিহত হৈছে । লগতে তেওঁ প্ৰকাশ কৰে যে, ভাৰত চামচাৰ, দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষত প্ৰায় ১০০ জন লোক জড়িত আছিল। এই সংঘৰ্ষটো মধ্য প্ৰদেশৰ সীমান্তৰ এখন গাওঁত সংঘটিত হয় । লগতে তেওঁ প্ৰকাশ কৰে যে, এই সংঘৰ্ষটো ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হয় । এই ঘটনাৰ তদন্ত চলাই থকা হৈছে বুলি প্ৰকাশ কৰে ।

আইন আৰু আদেশৰ ইনচপেক্টৰ জেনেৰেল পাৰবিন কুমাৰে কয় যে, গাঁওৰ মুখিয়াল গৰাকীয়ে বুধবাৰে আবেলি পৰত এই ভূমিত উপস্থিত হৈছিল দখলৰ বাবে । গাঁও বাসীয়ে ইয়াৰ প্ৰতিবাদ জনোৱাৰ ফলতে সংঘৰ্ষৰ সুত্ৰপাত হয় আৰু গুলীচালনা কৰে।সংঘৰ্ষৰ ফলত ৯ জন নিহত হোৱাৰ লগতে ১৯ জন আহত হৈছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com